ঢকুৱাখনাৰ এজন প্ৰতিভাধৰ বিস্ময় বালক-১১বছৰ বয়সতে ভক্তি ৰসেৰে আৰ্জিছে সুনাম

0 142

এগৰাকী বিস্ময় বালক।বিপথগামী যুৱ প্ৰজন্ম আৰু অবক্ষয়ী সমাজ ব্যৱস্থাৰ বিপৰীতে স্ব প্ৰতিভাৰে উজ্বলি উঠিছে এইগৰাকী বালক।তথাকথিত অতি আধুনিকতাবাদী চিন্তা চেতনাৰ পৃথিৱীখনৰ পৰা নিজকে নিলগাই এইগৰাকী প্ৰায় ১১বছৰীয়া কিশোৰে আত্মনিয়োগ কৰিছে বৈষ্ণৱী লোক সংস্কৃতিৰ  প্ৰণালীবদ্ধ চৰ্চাত।কিশোৰজনৰ নাম ৰাজ চুতীয়া।ঢকুৱাখনা মহকুমাৰ সাপতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এইগৰাকী বিস্ময় কিশোৰৰ প্ৰতিভা দেখিলে সকলো স্তম্ভিত হ’ব।এক অপূৰ্ব সুললিত কণ্ঠ আৰু নিখুঁত হস্ত চালনাৰে শ্ৰুতিমধুৰ বাদ্য বাদনেৰে উদ্ভাসিত।

ঢকুৱাখনা মহকুমাৰ হাৰ্হি পঞ্চায়তৰ মাহধুৱা গাঁওৰ প্ৰবীণ চুতীয়া আৰু পল্লৱী চুতীয়াৰ সুপুত্ৰ ৰাজ এতিয়া স্ব প্ৰতিভাৰে উজলি উঠিছে  বৈষ্ণৱী লোক সংস্কৃতিৰ ক্ষেত্ৰখনত।শৈশৱৰ পৰা বৈষ্ণৱ সংস্কৃতিৰ চৰ্চা আৰু গুৰুবাদ্য বাদনৰ প্ৰতি অসীম ধাউতি দেখি পিতৃ প্ৰবীণ চুতীয়াই পুত্ৰক আনি দিছিল এজোৰ নাগাৰা।প্ৰায় ৬বছৰ বয়সৰ পৰাই ৰাজ চুতীয়াই ঘৰতে অভিভাৱকে যোগান ধৰা নাগাৰাৰ আদিপাঠ শিকি পৰৱৰ্তী সময়ত নিজকে গঢ়ি তুলিছিল এগৰাকী সুনিপুন কিশোৰ নাগাৰা বাদক হিচাপে।উত্তৰ অসমৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত শ্ৰুতিমধুৰ নাগাৰা  বজাই শত সহস্ৰজনৰ লগতে গুৰু ভকত বৈষ্ণবৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৰাজ।গুৰুবাদ্য বাদনৰ প্ৰতি অপৰিসীম আসক্তি থকা ৰাজ চুতীয়াই এইবাৰ গুৰুবাদ্য খোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে মন মেলে।ঢকুৱাখনা জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুবাদ্য প্ৰশিক্ষক ফটিক বৰুৱাৰ তত্বাৱধানত খোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ২০২০ চনৰ পৰা।বিগত প্ৰায় তিনি বছৰ জোৰা প্ৰণালীবদ্ধ প্ৰশিক্ষণ গ্ৰহণ কৰি সম্প্ৰতি এগৰাকী পাকৈত গুৰুবাদ্য বাদকেই নহয় এগৰাকী লব্ধপ্ৰতিষ্ঠ ভাওনা প্ৰশিক্ষক আৰু পৰিচালক হিচাবে যশস্যা বুটলিবলৈ সক্ষম হৈছে কিশোৰ গৰাকী।অকলেই জগতগুৰু জনাৰ অমৰ সৃষ্টি ভাওনাৰ ভিন্ন চৰিত্ৰৰ সতে ৰজিতা খোৱাই বজোৱা খোলৰ চেও,শ্লোক পাঠ আদি অতি মনোগ্ৰাহীকৈ আঁত ধৰি পৰিচালনা কৰিবলৈ সক্ষম হোৱা ৰাজৰ এনে অসাধাৰণ ব্যুৎপতি দেখি শুনি বহুজনে ৰাজক বিস্ময় বালক হিচাপে স্বীকৃতি দিছে।ৰাজৰ নিপুণ গায়ন ,বায়ন আৰু গায়কীত পাৰ্গতালি দেখি অভিভূত দৰ্শক শ্ৰোতা ।
উল্লেখ্য যে এইগৰাকী বিস্ময় বালকে সোমবাৰে মাহধুৱা গাঁও হৰিমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত বছেৰেকীয়া ভাওনা ভাগি অকলে সুদক্ষ পৰিচালনাৰে অগণন দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । দৰিদ্ৰতাই কোঙা কৰা  প্ৰবীণ চেতিয়াৰ পৰিয়ালৰ দৈন্যতাৰ বাবেই অন্যান্য বাদ্য বাদনৰ প্ৰভূত লিপ্সা থকাৰ স্বত্তেও প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই প্ৰতিভাধৰ কিশোৰ ৰাজ।গুৰুবাদ্যৰ স্বৰলিপি ,চেও, ৰাগ ,সুৰ আদিৰ পৰিশুদ্ধ বৰ্ণন কৰি অজস্ৰজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এইগৰাকী প্ৰতিভাধৰ কিশোৰৰ এই স্বকীয় প্ৰতিভা দৰিদ্ৰতাৰ কৰাল গ্ৰাসত নিমৰ্জিত হোৱাৰ আশংকাই বেৰি ধৰিছে দৰিদ্ৰ পৰিয়ালটোক।বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগতে সহ শিক্ষাৰ অফুৰন্ত ভাণ্ডাৰ স্বৰূপ এইগৰাকী কিশোৰৰ অভিপ্সা পূৰণৰ সংগ্ৰামখনৰ আপুনিও হ’ব পাৰে এগৰাকী একনিষ্ঠ সহযোগী যোদ্ধা।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.