ছেফৰ চতুৰ্বিংশতিতম সন্মিলন অনুষ্ঠিত

0 139

ছ’চাইটি ফৰ অটোমোটিভ ফিটনেছ এণ্ড এনভাইৰণমেণ্ট চমুকৈ ছেফ (SAFE)ৰ চতুৰ্বিংশতিতম সন্মিলনখন দুদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত কৰা হয়। যান-বহনৰ পৰিদৰ্শন, প্ৰমাণপত্ৰ প্ৰদান আৰু পথ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে ভাৰতীয় অটোমোবাইল প্ৰস্তুতকাৰী সমিতি (SIAM)এ এই সমিতিখন গঠন কৰিছিল।ছেফে জন্মলগ্নৰে পৰা পথ সুৰক্ষা সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ছেফৰ ২৪ তম সন্মিলন ভাৰত চৰকাৰৰ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয় আৰু অসম চৰকাৰৰ পৰিবহন বিভাগৰ সহযোগত “SAFE Roads, SAFE India: Strategies for Ensuring Safer Transportation. অৰ্থাৎ সুৰক্ষিত পথ,সুৰক্ষিত ভাৰতঃ সুৰক্ষিত পৰিবহন সুনিশ্চিত কৰাৰ কাৰ্যপৰিকল্পনা বাণীৰে এইবাৰ অসমত অনুষ্ঠিত কৰা হৈছে।
সন্মিলনৰ শুভাৰম্ভণী অনুষ্ঠানত আজি অসমৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুখ্য অতিথিৰূপে উপস্থিত থাকে। বিভিন্ন চৰকাৰী বিভাগ, স্বেচ্ছাসেৱী সংস্থা, ছাত্ৰ-ছাত্ৰী আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰী শুক্লবৈদ্যই কয় যে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ বাহন ক্ৰয় কৰাৰ লগে লগে মানুহে নিজৰ ভাৱধাৰাৰো পৰিবৰ্তন কৰিব লাগিব। কেবল উপাৰ্জনভিত্তিক বা আভিজাত্যৰ প্ৰতীক ৰূপে বাহন লোৱাই নহয় বৰঞ্চ প্ৰতিটো ক্ষেত্ৰতে নিজৰ লগতে দহৰ সুৰক্ষাৰ কথাটো অনবৰতে চিন্তা কৰিব পাৰিব লাগিব। পথ সুৰক্ষাৰ নীতি সম্পৰ্কত সকলোৱে সজাগ হ’ব লাগিব আৰু এই নীতিসমূহ মানি চলাটো বাধ্যতামূলক বুলি অন্তৰেৰে গ্ৰহণ কৰিব লাগিব। বেছিভাগ পথ দুৰ্ঘটনাত যুৱচামৰ বৰ্দ্ধিত মৃত্যুৰ হাৰৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে আজিৰ শ্ল’গান সুৰক্ষিত ভাৰত নহৈ সুৰক্ষিত প্ৰজন্ম হোৱাহে উচিত বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে সকলোৱে গাড়ীখন ব্যৱহাৰ কৰাৰ সময়ত গাড়ী, পথ আৰু চালনাৰ নীতি-নিয়মসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলেই দুৰ্ঘটনা বহু পৰিমাণে লাঘৱ হ’ব বুলি তেওঁ মন্তব্য কৰে।
সভাত অটোমোবাইল প্ৰস্তুতকাৰী কেইবাটাও সংস্থাৰ সমল ব্যক্তিয়ে পথ সুৰক্ষাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। ছ’চাইটি অৱ ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰাৰচ্ অৰ্থাৎ ছিয়াম (SIAM) ৰ কাৰ্যবাহী সঞ্চালক প্ৰশান্ত কুমাৰ বেনাৰ্জীয়ে আদৰণি ভাষণ প্ৰসংগত ভাৰতৰ পথ সুৰক্ষামূলক ব্যৱস্থাৱলী সম্পৰ্কত অৱলোকন কৰে। সভাত ছেফৰ সভাপতি তথা অশোক লিলেণ্ডৰ মহাপ্ৰৱন্ধক ডি বালকৃষ্ণণ, ছেফৰ উপ সভাপতি তথা টাটা মচৰচৰ চৰকাৰী আৰু ৰাজহুৱা পৰিক্ৰমাৰ গ্লবেল হেড সুশান্ত নাইক,নমোৰা ৰিছাৰ্চ লিমিটেডৰ গ্ৰুপ হেড তথা জ্যেষ্ঠ সহযোগী অসীম শৰ্মা, হ’ণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ সঞ্চালক বিণয় ধিংৰা আদিয়ে তেওঁলোকৰ ভাষণ প্ৰসংগত 4E অৰ্থাৎ ইঞ্জিনিয়াৰিং, এডুকেশ্যন, এলফৰ্চমেণ্ট আৰু ইমাৰ্জিঞ্চি কেয়াৰ সমপৰ্কত ব্যাখ্যা আগবঢ়োৱাৰ লগতে অটোমোবাইল প্ৰস্তুতকাৰী সংস্থাবিলাকে বাহন প্ৰস্তুত কৰোতে নতুনকৈ গ্ৰহণ কৰা সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে।
সভাত ভাষণ প্ৰদান কৰি অসমৰ পৰিবহন বিভাগৰ সচিব আদিল খানে অসম চৰকাৰে পৰিবহন ব্যৱস্থা তথা পথ পুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত ব্যাখ্যা আগবঢ়ায়। আনহাতে অসমৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ডঃ ননীগোপাল মহন্তই অসমৰ স্কুলীয়া পাঠ্যপুথিসমূহত অন্তৰ্ভুক্ত কৰা পথ সুৰক্ষা সম্পৰ্কীয় সজাগতামূলক পাঠ সম্পৰ্কত অৱগত কৰে। ভি ই কমাৰ্চিয়েল ভেহিকোলৰ কাৰ্যকৰী উপ সভাপতি ভগৱান কে বিন্দিগানেভাইলে ধন্যবাদসূচক ভাষণ প্ৰদান কৰে।সভাত ছিয়ামৰ “Analyzing India’s Imperatives for Road Safety” শীৰ্ষক পুথিখন উন্মোচন কৰাৰ উপৰি পথ সুৰক্ষা সম্পৰ্কীয় ভিডিঅৰ লগতে মুকাভিনয়ো প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে সন্মিলনৰ মূল বিষয় সন্দৰ্ভত তিনিখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। কাইলৈ সন্মিলনৰ অন্তিম দিনত Sustainable Mobility Imperatives Around Road Safety & Environment শীৰ্ষক কৰ্মশালা অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.