ঢকুৱাখনাৰ বি এড কলেজৰ ৰূপালী জয়ন্তী প্ৰস্তুতি তুংগত

0 218

ঢকুৱাখনা মহকুমাৰ ৰাইজৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফচল ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়।ঢকুৱাখনা নগৰৰ মাজ মজিয়াত ১৯৯৮ চনতে প্ৰাণ সঞ্চাৰ হোৱা এইখন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালযে গুণগত মানৱ সম্পদ সৃষ্টিৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মানসপটত নক্ষত্ৰ হৈ জিলিকি ৰৈছে।শেহতীয়া ভাবে এইখন মহাবিদ্যালয়ে নিজৰ গৰিমামণ্ডিত যাত্ৰা পথেৰে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰিছে৷তাৰেই উপলক্ষত এই স্বৰ্ণিল উৎসৱটি বছৰজোৰা ভিন্ন ধর্মী কাৰ্যক্ৰমণিকাৰে শুভাৰম্ভ কৰি অহা ৬ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ এই বৰ্ণিল ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে মহাবিদ্যালয় পৰিয়ালে। ইতিমধ্যে ২৫খনৰো অধিক উপসমিতি গঠন কৰি দ্ৰুতগতিত সফল প্ৰস্তুতিৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে উদযাপন সমিতিয়ে।উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি ৬ অক্টোবৰৰ পুৱা ৮ বজাত মহাবিদ্যালয়ৰ প্রশিক্ষার্থী একতা সভাৰ উদ্যোগত পৰিৱেশ নিকাকৰণৰ পাছত গছপুলি ৰোপণ অনুষ্ঠানত মুখ্যৰোপক হিচাপে অংশ ল’ব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ।ইয়াৰ পাছত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই আৰু ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন কৰিব ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি পূর্ণানন্দ গগৈয়ে।পৰৱৰ্তী সময়ত দুপৰীয়া ১১ বজাত প্ৰাক্তন প্ৰশিক্ষাৰ্থী সকলৰ অনুদানেৰে নিৰ্মিত স্থায়ী বাহন আস্থান উন্মোচন কৰিব শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে।দুপৰীয়ালৈ জয়ন্তীৰ মুকলি সভাৰ মঞ্চ উদ্বোধন কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সেৱক চন্দ্র চুতীয়াই৷বিয়লিলৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ : প্রত্যাহ্বান আৰু প্ৰত্যাশা শীৰ্ষক এক মনোজ্ঞ আলোচনা সত্র অনুষ্ঠিত হ’ব। লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশীযে মুখ্য আলোচক হিচাপে অংশ গ্ৰহণ কৰিব লগা আলোচনা চক্রত আলোচক হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই, ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পংকজ বৰা।সন্ধিয়া বৰ্ণময় সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° বনজিৎ ভট্টই।দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰাক্তন প্ৰশিক্ষাৰ্থী, বৰ্তমানৰ প্ৰশিক্ষাৰ্থী সকলক লৈ অনুষ্ঠিত হবলগীয়া আলোচনা সত্ৰখনি উদ্বোধন কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই ৷ইয়াৰ পাছতে পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শিক্ষার্থীক সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষক, অভিভাৱক আৰু সমাজৰ দায়িত্ব শীৰ্ষক আলোচনা সত্ৰত সঞ্চালক তথা মুখ্য আলোচক হিচাপে উপস্থিত থাকিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱা, আলোচক হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ গোপাল চন্দ্ৰ হাজৰিকা আৰু উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত)উপাধ্যক্ষ বাণীকান্ত কোঁৱৰ৷বিয়লি বিশিষ্ট লেখক সাহিত্যিক,গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাধ্যাপক ড° উপেন ৰাভা হাকচামে উন্মোচন কৰিব ৰূপালী জয়ন্তীৰ মুখপত্ৰ ৰূপালী বৈভৱ৷ ইয়াৰ পাছতেই প্রাক্তন প্রশিক্ষার্থী সম্মিলনৰ সভাপতি দুলু শ‍ইকীয়াৰ সঞ্চালনাত প্রাক্তন প্রশিক্ষার্থীসকলৰ অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব ।সন্ধিয়া মহাবিদ্যালয় চৌহদত বন্তি প্রজ্বলন কৰিব ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰ প্ৰাপ্ত অধ্যক্ষ চেনীৰাম বৰুৱাই৷ইয়াৰ পাছতেই অনুষ্ঠিতব্য সাংস্কৃতিক অনুষ্ঠানত উদ্বোধন কৰিব ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চৈতন্য দত্তই।তৃতীয় দিনা অৰ্থাৎ ৮ অক্টোবৰৰ পুৱা চৌহদ নিকাকৰণৰ পাছতে জয়ন্তীৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাসমূহৰ নিয়ন্ত্রক পংকজ বৰঠাকুৰে৷বিয়লিলৈ অনুষ্ঠিত হ’ব লগা মুকলি সভা উদ্ধোধন কৰিব ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা লখিমপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত কার্তিক কলিতাই৷মুকলি সভাত
উদ্‌যাপন সমিতিৰ সভাপতি পূর্ণানন্দ গগৈ,মুখ্য অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰূপম শ‍ইকীয়া, সন্মানীয় অতিথি হিচাপে বহু কেইগৰাকী ৰাজনীতিক উপস্থিত থাকিব।তাৰোপৰি মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, বিশিষ্ট অতিথি হিচাপে লখিমপুৰ জিলা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়া সুধন্য শুক্লবদ্য, ঘিলামৰা নর্থ বেংক কলেজ অধ্যক্ষ ড° যুগল শ‍ইকীয়া,ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূতকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সন্ধিয়ালৈ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা অভিনীত পৰশুৰামৰ গুৰুদক্ষিণা সহস্রার্জুন বধ শীৰ্ষক ভাওনা প্রদর্শন কৰি তিনিদিনীয়া বৰ্ণময় কাৰ্যসূচীৰ সফল সামৰণি মৰা হ’ব৷ ৰূপালী জয়ন্তীৰ উদযাপন সমিতি আৰু মহাবিদ্যালয়ৰ পৰিয়ালে শিক্ষাব্ৰতী ৰাইজ সংগঠনৰ লগতে সকলো প্ৰাক্তন প্ৰশিক্ষাৰ্থী, প্ৰাক্তন শিক্ষক কৰ্মচাৰী,মহাবিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠাৰ সতে জড়িত শুভানুধ্যায়ী ৰাইজৰ উপস্থিতি আৰু আন্তৰিক সহযোগিতা কামনা কৰিছে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.