গোলাঘাটত নিৰ্মীয়মান আগৰ বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন উদ্যোগ মন্ত্রী বিমল বড়াৰ

0 141

ৰাজ্যৰ প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি গোলাঘাট জিলাৰ,খুমটাই সমষ্টিৰ ডাবিডুবিত ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ লয়।

স্হানীয় বিধায়ক মৃণাল শইকীয়াৰ সৈতে পৰিদৰ্শন কালত মন্ত্রী বড়াই উদ্যোগ বিভাগৰ বিষয়া সকলৰেও আলোচনাত মিলিত হয়। এই বাণিজ্য কেন্দ্ৰৰ জৰিয়তে অসমৰ আগৰ (সাঁচি) খেতিয়ক সকলে ব্যৱসায়ৰ ক্ষেত্ৰত সুবিধা লাভ কৰাৰ লগতে উচিত মূল্য পোৱাত সহায়ক হ’ব। ,কেন্দ্ৰটো ক্ষীপ্ৰতাৰে নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়া কৰ্মচাৰী সকলক মন্ত্রী বড়াই নিৰ্দেশ প্ৰদান কৰে।

উল্লেখ্য যে এই কেন্দ্রটোৰ নিৰ্মাণ কাৰ্য যোৱা অক্টোবৰ মাহতে সম্পূৰ্ণ হ’ব লাগিছিল যদিও নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাত মন্ত্রী বড়াই অসন্তুষ্টি প্ৰকাশ কৰে। সময় মতে কাম সম্পূর্ণ নহলে ইয়াৰ দায়িত্বত থকা বিষয়া গৰাকীক নিলম্বন কৰাৰ বাবেও উৰ্দ্ধতন বিষয়াক নিৰ্দেশ দিয়ে।
মন্ত্রী বড়াই লগতে ইয়াৰ বাবে এক সময় নিৰূপিত কাৰ্যসূচী প্ৰস্তুত কৰাৰ লগতে অগ্ৰগতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ গোলাঘাট জিলাৰ উপায়ুক্ত ড০প্ৰবীন উদয়ক নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.