অসম চৰকাৰৰ জনসংযোগ বিভাগ আৰু মিডিয়া ছুপাৰ কিংছৰ মাজত গুৱাহাটী নেহৰু ষ্টেডিয়ামত ১০ ডিচেম্বৰ, শনিবাৰে অনুষ্ঠিত হ’ল এক প্ৰীতি ক্ৰিকেট মেচ ৷ মেচখনত মিডিয়া ছুপাৰ কিংছে ১৪ ৰাণত পৰাস্ত কৰে জনসংযোগ বিভাগ (ডি আই পি আৰ) ক ৷ ১৫ অভাৰৰ মেচখনত প্ৰথমে বেট ধৰি মিডিয়া ছুপাৰ কিংছে ৮ টা উইকেটত সংগ্ৰহ কৰে ১২৩ ৰাণ ৷ দলৰ এই ৰাণ সংখ্যাৰ মূলতে আছিল অপেনাৰ কমলেশ বৰ্মনৰ অৰ্ধশতক । তেওঁ ৩৮ টা বলৰ সন্মুখীন হৈ ২ টা ছিক্সাৰ আৰু ৭ টা বাউণ্ডেৰীৰ সহায়ত ৫৬ ৰাণ কৰে৷বিশ্বজিৎ ডেকাই ২০ টা বলত ৬ টা বাউণ্ডেৰীৰ সহায়ত কৰে ৩২ ৰাণ৷ পাপ্লু ডেকাই ১৪ আৰু অধিনায়ক বিশ্বজিৎ দাসে অপৰাজিত ৩ ৰাণ কৰে ৷ প্ৰতিপক্ষৰ মজবুল হুছেইনে ৩ অভাৰত ২১ ৰাণ ব্যয় কৰি দখল কৰে ৫ টা উইকেট৷ জনসংযোগ বিভাগৰ জিতুমণি দাসৰ বলত মিডিয়াৰ পাপ্লু ডেকাৰ বেটৰ পৰা অতৰ্কিতে অহা এটা কেটছ অপূৰ্ব দক্ষতাৰে ফিল্ডাৰ পিং কং ৰেজা আজহাৰীয়ে আয়ত্ত কৰি সকলোকে চমকিত কৰে ৷ প্ৰত্যুত্তৰত জনসংযোগ বিভাগে নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই ১০৯ ৰাণহে কৰে৷দলৰ হৈ ৰাজু কলিতাই ৩৬, জিতুমণি দাসে অপৰাজিত ২৩ আৰু অপেনাৰ সঞ্জয় কাশ্যপে ১৬ ৰাণৰ বৰঙণি যোগায় ৷ দলৰ অধিনায়ক ইফতিখাৰ জামানে ৭ টা বলৰ সন্মুখীন হৈ মাত্ৰ ১ ৰাণ কৰে ৷ বলিঙত মিডিয়াৰ হৈ হিমাংশু অনুপমে ২ টা আৰু নৱজ্যোতি গোহাঁইয়ে ১ টা উইকেট দখল কৰে ৷জনসংযোগ দলৰ ২ জনকৈ বেটাৰ ৰাণ আউট হয় ৷ বিজয়ী দলৰ হৈ অৰ্ধশতক সংগ্ৰহ কৰা কমলেশ বৰ্মনে লাভ কৰে মেন অৱ দা মেচৰ ট্ৰফী৷বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম আৰু দৈনিক’গণ অধিকাৰ’কাকতৰ পৰিচালন সম্পাদক ছাজাহান তালুকদাৰ।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign