জলসিঞ্চন বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

0 54

জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত জলসিঞ্চন বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা কৰে৷ লোকসভা নিৰ্বাচনৰ পিছৰ প্ৰথমখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ শেহতীয়া স্থিতিৰ বুজ লয়৷ বিশেষকৈ ‘প্ৰতিডৰা খেতিতে পানী-প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোঁজনা’ [HKKP-PMKSY],‘ত্বৰান্বিত জলসিঞ্চন লাভালাভ আঁচনি- ভূতল ক্ষুদ্ৰ জলসিঞ্চন’ [AIBP-SMI], গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি’ [ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক] [RIDF-NABARD] আদি আঁচনিৰ ৰূপায়ণৰ তেওঁ খৰচি মাৰি পৰ্যালোচনা কৰে৷

বিভাগটোৰ বিভিন্ন শাখাৰ অতিৰিক্ত মুখ্য অভিযন্তাসকলক নিয়মীয়াকৈ ক্ষেত্ৰ ভ্ৰমণ কৰি সংশ্লিষ্ট জিলাসমূহত চলি থকা জলসিঞ্চন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰা,বিকল হৈ থকা আঁচনিসমূহ পুনৰুজ্জীৱিত কৰা তথা নতুন আঁচনিৰ পৰিকল্পনা যুগুত কৰিবৰ বাবে তেওঁ নিৰ্দেশ দিয়ে৷ আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাৰ বিস্তৃত জলসিঞ্চন পৰিকল্পনা প্ৰস্তুত আৰু তাৰ যথাযথ ৰূপায়ণ, জলসম্পদ বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি বছৰৰ সকলো ঋতুতে ৰাজ্যৰ নদীসমূহৰ পানীৰ উপলব্ধতাৰ সঠিক তথ্য সংগ্ৰহ, কৃষি বিভাগৰ সৈতে সমন্বয় ৰক্ষাৰে কৃষকৰ চাহিদা থকা এলেকাত অগ্ৰাধিকাৰভিত্তিত আঁচনি গ্ৰহণ আদি বিভিন্ন গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে৷

মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহৰ কাম-কাজৰ গতি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিভাগটোৰ ডিজিটেলাইজেচনৰ দিশত চলি থকা বিভিন্ন কাম-কাজৰো বুজ লয়৷ বিভাগটোৰ অভিযন্তাসকলৰ দক্ষতা বিকাশৰ ওপৰতো বৈঠকত আলোকপাত হয়৷ বিভাগটোৱে নতুনকৈ সম্পূৰ্ণ কৰি তোলা তথা শেহতীয়াভাৱে পুনৰ কাৰ্যক্ষম কৰি তোলা আঁচনিসমূহ কৃষক গোটৰ হাতত তুলি দিয়াৰ লগতে আঁচনিসমূহৰ উপযুক্ত তদাৰকীৰ স্বাৰ্থত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ সহযোগত কৃষকক সজাগ কৰাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰিবলৈ তেওঁ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলক নিৰ্দেশ দিয়ে৷

বৈঠকত জলসিঞ্চন বিভাগৰ আয়ুক্ত-সচিব বীৰেন্দ্ৰ মিট্টাল আৰু সচিব পৱিত্ৰৰাম খাউণ্ডৰ লগতে মুখ্য অভিযন্তাকে ধৰি বিভাগটোৰ আটাইকেইগৰাকী অতিৰিক্ত মুখ্য অভিযন্তা উপস্থিত আছিল৷

Leave A Reply

Your email address will not be published.