জামুগুৰিহাটত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

0 259

আজি ২১ জুন ৷ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ সমগ্ৰ বিশ্বতে আজিৰ দিনটো পালন কৰা হৈছে যোগ দিৱস ৷ সমান্তৰালভাৱে শোণিতপুৰৰ জামুগুৰিহাটৰ ২ নং বাটমাৰী আঞ্চলিক নামঘৰ প্ৰাঙ্গনত উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বাটমাৰী আৰু আগ্ৰীপামৰ উপস্বাস্থ্য কেন্দ্ৰৰ সহযোগত উদযাপন কৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ২নং বাটমাৰী আঞ্চলিক নামঘৰ প্ৰেক্ষাগৃহত বাটমাৰী আৰু আগ্ৰীপামৰ উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ দ্বাৰা উদযাপন কৰা হয় যোগ দিৱস ৷ প্ৰশিক্ষক তামান্না নেৱাৰ আৰু অভিজিৎ গগৈৰ দ্বাৰা ২ নং বাটমাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকলক যোগাসনৰ চৰ্চা কৰায় ৷ উক্ত যোগ দিৱসত বিশেষভাবে সহায় সহযোগ কৰে চি এইচ অ’ উপাসনা বৰুৱা, উষা মুৰ্মু, এ এন এম চিচষ্টাৰ ৰুণটি শৰ্মা আৰু নিজু দেৱীৰ লগতে আশা কৰ্মী, অংগনবাডি কৰ্মীসকলে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.