জামুগুৰিহাটত চতিয়া বিধানসভা সমষ্টিৰ চাৰিখন গাওঁ পঞ্চায়তৰ সদস্যক লৈ আইনী সজাগতা আৰু আলোচনা সভা অনুষ্ঠিত

0 265

আজি জামুগুৰিহাটৰ মধ্য চিলাবন্ধা গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত অসম গ্ৰামোন্নয়ন উদ্যোগ প্ৰতিষ্ঠান আৰু ৰাজ্যিক সম্পদ কেন্দ্ৰ অসমৰ তত্বাৱধানত এখন সজাগতা সভা অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ অন্তৰ্গত মুঠ 40টা পঞ্চায়তৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু নদুৱাৰ উন্নয়ন খণ্ডৰ অধীনৰ দক্ষিন চিলাবন্ধা, মধ্য চিলাবন্ধা, পশ্চিম মুঢ়াদল, উত্তৰ চিলাবন্ধা আৰু উত্তৰ,মূঢ়াদলক সামৰি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আইনী সজাগতা আলোচনা সভাৰ শুভ উদ্ধোধন কৰে মধ্য চিলাবন্ধা গাওঁ পঞ্চায়তৰ সভানেত্ৰী জ্বলি ভৰালীয়ে। আজি প্ৰথম দিনাৰ সজাগতা সভাত উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে ৰাজ্যিক সম্পদ কেন্দ্ৰ অসমৰ সমল ব্যক্তি হিমাংশু শইকীয়াই । এই সজাগতামূলক সভাত ভাৰতীয় নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য, মানব সৰবৰাহ আৰু প্ৰসব পূৰ্বে গৰ্ভ নিৰ্ধাৰণ সন্দৰ্ভত দৃশ্য শ্ৰাব্যৰ জৰিয়তে দাঙি ধৰে ।বিশেষ কৈ গ্ৰামাঞ্চলত হৈ থকা কিছুমান অসামাজিক কাৰ্য কলাপ সমূহ আইনীভাৱে কিদৰে বিনামূলীয়াকৈ নিষ্পত্তি আৰু ভুক্তভোগীয়ে ন্যায় পাব পাৰে এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰশিক্ষণ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয় । এই সজাগতা সভাৰ যোগেদি অ্ংশ গ্ৰ্হণকাৰী পঞ্চায়তৰ প্ৰতিনিধি সকলে গাৱে গাৱে ঘূৰি কু-সংস্কাৰ আৰু অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে সজাগ কৰি আইনী ভাৱে কিদৰে উপকৃত হয় সেই বিষয়ে গ্ৰামাঞ্চলৰ সৰ্ব সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাটোৱেই মুল উদ্দেশ্যে। আজিৰ আইনী সজাগতা সভাত বহু কেইগৰাকী পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত থাকে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.