জামুগুৰিহাটত জাগৰণ মহিলা মঞ্চৰ উদ্যোগত শকুনিৰ প্ৰতিশোধ মঞ্চস্থ

0 192

জামুগুৰিহাটৰ সাহিত্য সাংস্কৃতিক সামাজিক অনুষ্ঠান জাগৰণ মহিলা মঞ্চ ৰ উদ্যোগত যোৱা নিশা জামুগুৰিহাটত অনুষ্ঠিত কৰা হয় পাপৰি কবি গনেশ গগৈ ৰ কালজয়ী নাট শকুনীৰ প্ৰতিশোধ । নটসূৰ্য ফনি শৰ্মা বটা প্ৰাপক মঞ্চ সম্ৰাট ভোলা কটকীৰ ৮৯ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ পাঞ্চজন্য বৰনামঘৰ ক্ষেত্ৰৰ মঞ্চত অনুষ্ঠিত হোৱা শকুনীৰ প্ৰতিশোধ নাট খনৰ পৰিচালনা ৰ দ্বায়িত্বত আছিল স্বৰাজ কটকী আৰু লিখক নাথ । জামুগুৰিহাটৰ বিভিন্ন স্থানৰ শিল্পী সকলৰ দ্বাৰা সুন্দৰ ভাৱে অভিনীত নাট ভাগত শকুনিৰ মুল চৰিত্ৰ ৰূপায়ণ কৰে সুদৰ্শন নাথে। ইয়াৰ উপৰিও নৱ কুমাৰ শৰ্মা,মানস জ্যোতি নাথ,বাবলু হাজৰিকা,পাপু বৰা, স্বৰাজ কটকী, সৰস্বতী বৰা, পম্পী দেৱী বৰা আদিকে কৰি অভিনয় শিল্পী সকলৰ সুন্দৰ অভিনয়, শিল্পী পূৰ্ণ নাথৰ সংগীত পৰিচালনাৰে এখন সবাংগ সুন্দৰ নাট অঞ্চলটোৰ হাজাৰোধিক দৰ্শকে উপভোগ কৰা দেখা গ’ল । উল্লেখ্য যে নাটকৰ আগে আগে অনুষ্ঠিত হোৱা শিশু সকলৰ নৃত্য অনুষ্ঠানে উপস্থিত দৰ্শকক মোহিত কৰি তোলা পৰিলক্ষিত হয়।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.