জামুগুৰিহাটত পতাকা নিৰ্মাণৰ আত্মসহায়ক গোটে প্ৰস্তুতি চলাইছে

0 232

স্বাধীনতাৰ 75 বছৰত এইবাৰ ঘৰে ঘৰে উৰিব জাতীয় পতাকা । দেশৰ প্ৰধান মন্ত্ৰীৰ এই আহ্বানৰ পাছতে এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰা হৈছে জাতীয় পতাকা । জামুগুৰিহাটৰ ইটাখোলা আৰু বালিজুৰীত আজি পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মহিলা সকলে জাতীয় পতাকা নিৰ্মাণ কামত ব্যস্ত হৈ পৰিছে । ইতিমধ্যে তৈয়াৰ কৰি উলিয়াইছে ২০০০ খনৰো অধিক পতাকা । আজি জামুগুৰিহাটৰ ইটাখোলা আৰু বালিজুৰী ব্যৱসায় কেন্দ্ৰত এটি পতাকা বিপনন কেন্দ্ৰৰ ৰঙা ফিটা কাটি মুকলি কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।উক্ত অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, ব্লক প্ৰগেম অফিচাৰ মনিষ বৰকাকতি, ব্লক কৰ্ডিনেটৰ দ্বিপৰঞ্জন চমুৱাৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.