জামুগুৰিহাটৰ ইটাখোলাৰ উদিয়মান কন্ঠশিল্পী গজেন বসুমতাৰীৰ বনভোজ শীৰ্ষক গীতৰ এলবাম মুকলি

0 187

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নিকটবৰ্তী ইটাখোলাস্থিত হাবিদলনীৰ নিবাসী প্ৰয়াত পুতুল বসুমতাৰী আৰু দেহেছৰী বসুমতাৰীৰ সু-পুত্ৰ তথা উদীয়মান কন্ঠশিল্পী গজেন বসুমতাৰীয়ে পোন প্ৰথমবাৰৰ বাবে সমুহ অসমবাসী ৰাইজলৈ ইউটিউবৰ জৰিয়তে “বনভোজ” শীৰ্ষক এটাৰ গীতৰ এলবাম মুকলি কৰে । চতিয়াৰ ইটাখোলাস্থিত হাবিদলনীৰ সদায় বৰা চৰকাৰী বুনিয়াদী বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত এক সভাত  অৱসৰ প্ৰাপ্ত শিক্ষক মিন্টু নাথে “বনভোজ” শীৰ্ষক গীতৰ এলবামটো কেক কাটি শুভ উন্মোচন কৰে ।এই বনভোজ শীৰ্ষক গীতটিত কন্ঠ নিগৰাইছে ইটাখোলাৰ উদীয়মান কন্ঠশিল্পী গজেন বসুমতাৰী, সংগীত শব্দ সংমিশ্ৰণ পলাশ গগৈ (গুৱাহাটী), কথা-সুৰ নিপুল বৰা আৰু গজেন বসুমতাৰী, বাদ্য-যন্ত্ৰ দিপাঙ্কৰ শৰ্মাৰ । উদীয়মান কন্ঠশিল্পী গজেন বসুমতাৰীয়ে বহুকেইখন মঞ্চত গীত পৰিবেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

 

বাতৰি যুগুতালে  জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.