জামুগুৰিহাটৰ ধলাইবিলত এম জি ডেকা লেব এণ্ড ডায়েগ্নষ্টিক চেন্টাৰত উপলব্ধ হ’ল ই চি জি, আলট্ৰাচাউণ্ড, তেজ পৰীক্ষা

0 374

শোণিতপুৰৰ জামুগুৰিহাটৰ ধলাইবিলত উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত এখন অত্যাধুনিক এম জি ডেকা লেব এণ্ড ডায়েগ্নষ্টিক কেন্দ্ৰত বহু পিছপৰা অঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে আলট্ৰাচাউণ্ড, তেজ পৰীক্ষা, ই চি জিৰ লগতে বিভিন্ন পৰীক্ষাৰ প্ৰক্ৰিয়া উপলব্ধ হ’ল । উত্তৰ অঞ্চলত এক্সৰে আৰু আলট্ৰা চাউণ্ডৰ যি সমস্যাৰ সন্মুখীন হোৱা দেখা যায় , তেনে সময়তে জামুগুৰিহাটৰ শলগুৰিৰ প্ৰশিক্ষণ প্ৰাপ্ত লেব টেকনিচিয়ান মিনাক্ষী ডেকা আৰু কাজিৰঙাৰ গিতালী ডেকাই যুটিয়াভাবে মিলি এই অত্যাধুনিক লেব এণ্ড ডায়েগ্নষ্টিক কেন্দ্ৰখন মুকলি কৰাৰ বাবে স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰে । উত্তৰ অঞ্চলৰ এই বিশেষ লেব এণ্ড ডায়েগ্নষ্টিক কেন্দ্ৰৰ জৰিয়তে বালিজুৰি, মঙলবৰীয়া, ৰঙাচকুৱা, মৰিসুতি, আজাৰগুড়িকে ধৰি বহুকেইখন ভিতৰুৱা অঞ্চলৰ ৰাইজৰ বাবে বহুত সুবিধা হ’ব বুলিও জানিবলৈ দিয়ে । জানিব পৰা মতে প্ৰত্যেক মঙলবাৰে ২ বজাৰ পৰা পাব এই সুবিধাসমূহ উপলব্ধ হ’ব । উক্ত ডায়েগ্নষ্টিক কেন্দ্ৰটোত স্ত্ৰী ৰোগ বিশেষজ্ঞ, ঔষধ বিশেষজ্ঞকে ধৰি কেইবাগৰাকী প্ৰতিষ্ঠিত চিকিৎসকে সেৱা আগবঢ়াব ।মহিলা দুগৰাকীৰ এনে প্ৰচেষ্টাক অঞ্চলটোৰ সচেতন মহলে শলাগ লৈছে ৷

বাতৰি যুগুতালে ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.