জামুগুৰিহাটৰ নবিল নামঘৰত বৃক্ষ ৰোপনৰ লগতে কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

0 228

জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ নবিল নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা বাৰ্ষিক নাম-প্ৰসংগ অনুষ্ঠানত নদুৱাৰ আঞ্চলিকৰ ছয়খন খেলৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মঙলবাৰে বৃক্ষ ৰোপনৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে । পুৱাই নামঘৰৰ চৌহদত অনুষ্ঠিত কৰা বৃক্ষ ৰোপন অনুষ্ঠানত নবিল নামঘৰ কমিটিৰ সভাপতি ভুপেন দাস, সম্পাদক ভৱেন দাস, সদৌ অসম গণ জাগৰণ মঞ্চৰ প্ৰতিষ্ঠাপক তথা কেন্দ্ৰীয় সভাপতি গোপাল চন্দ্ৰ কোঁচে নিম, আমলখি, আম, বকুল পুলি ৰোপন কৰে । তাৰপিছত অঞ্চলৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছয় গৰাকীকৈ কৃতি শিক্ষাৰ্থীক এখনি ফুলাম গামোছা, প্ৰশংসা পত্ৰ, কলম আৰু বহিৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি উৎজ্জ্বল ভৱিষ্যত কামনা কৰে । ইয়াৰ পিছত দিনযোৰা কাৰ্য্যসূচীৰে খোল-তালৰ লগতে হৰি নামৰ ধ্বনিৰেঅঞ্চলটোৰ চৌপাশ মুখৰিত কৰে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.