জামুগুৰিহাটৰ মৰিসুতিত আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

0 280

শোণিতপুৰ জিলাৰ জামুগুৰিহাট তথা চতিয়া সমষ্টিৰ অন্তৰ্গত নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ মৰিসুতিৰ মিনা বচনেট মধ্য ইংৰাজী বিদ্যালয়ত সৰ্বশিক্ষা আচঁনিৰ ধনৰে নিৰ্মিত দুটি শ্ৰেণীকোঠা আজি শুভ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰায় দহ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা শ্ৰেণী কোঠাৰ উপৰিও ডেৰ লাখ টকাৰে নিৰ্মান হ’বলগা দুটাকৈ আধুনিক টয়েলেটৰো আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে ৷ বিধায়ক গৰাকীয়ে কয়- “মোৰ সমষ্টিৰ আগশাৰী তিনিখন স্কুলৰ ভিতৰৰে এই এম ই স্কুলখন অন্যতম ৷ ৰাইজৰ দাবীৰ প্ৰতি সহাঁৰি জনায় বিদ্যালয় প্ৰাঙ্গনত এটি সাংস্কৃতিক মঞ্চ নিৰ্মানৰ কথাও দোহাৰে বিধায়ক গৰাকীয়ে ৷ ইয়াৰোপৰি অহা বৰ্ষৰ মাৰ্চত জামুগুৰিহাটত সৰ্বাঙ্গ সুন্দৰ ভাৱে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত কৰা হ’ব বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.