জামুগুৰিহাটৰ সন্মিলিত যুৱ সংঘৰ উদ্যোগত সভা অনুষ্ঠিত

0 300

জামুগুৰিহাটৰ অন্যতম অনুষ্ঠান জামুগুৰি সন্মিলিত যুৱ সংঘৰ উদ্যোগত কালি বিয়লি এখন সভা অনুষ্ঠিত হয়। জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত উক্ত সভাত সন্মিলিত যুৱ সংঘৰ উদ্যোগত যোৱা ১৫ মে ,(৩১বহাগ )তাৰিখে জামুগুৰি বহাগী মেলা বাকৰিত জামুগুৰি আঞ্চলিক ভিত্তিত চেমনীয়া মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিছিল যদিও প্ৰাকৃতিক দুৰ্যোগৰ বাবে অনুষ্ঠিত কৰিব পৰা নহ’ল। উক্ত চেমনীয়া মুকলি বিহুখন পুনৰ অনুষ্ঠিত কৰা সম্পৰ্কে জামুগুৰি সন্মিলিত যুৱ সংঘৰ বিষয়ববীয়া সকলে কালি জামুগুৰি পৰিদৰ্শন বাংলাত এই সন্দৰ্ভত এক আলোচনাত মিলিত হয় আৰু আগন্তুক ২৯মে দেওবাৰে বিয়লি জামুগুৰি পৰিদৰ্শন বাংলাৰ বহাগী মেলা বাকৰীত চেমনীয়া বিহু প্ৰতিযোগিতা খন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আয়োজক সমিতিয়ে সকলো ৰাইজৰ উপস্থিত কামনা কৰিছে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.