জামুগুৰিহাটৰ হাটিঙাৰ কবি সাহিত্যিক শেৱালী হাজৰিকালৈ অসম গ্ৰাম্য শিৰোৰত্ন বটাঁ

0 165

বিশ্বৰ প্ৰয়াত মাতৃ সকলৰ সোঁৱৰণত নগাঁও কামপুৰ স্বৰাজ ভৱনত অনুষ্ঠিত হোৱা অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ বটাঁ প্ৰদান অনুষ্ঠানত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত জন্মগ্ৰহণ কৰা বিশিষ্ট কবি, গল্পকাৰ তথা সমাজসেৱিকা শেৱালী হাজৰিকালৈ গ্ৰাম্য শিৰোৰত্ন বটাঁ ২০২১ প্ৰদান কৰে । বটাঁত এখনি গামোছা, এখনি প্ৰশস্তি পত্ৰ, এটা মেডেল, এটা ট্ৰফি, এটা জাপি আৰু এখন দিহানামৰ কিতাপ লাভ কৰে । তেখেত পেছাত এগৰাকী নাৰ্চ । সমাজৰ প্ৰতি আগৰণুৱা, লেখা-মেলাৰ প্ৰতি ধাউতি থকা হাজৰিকাই কলেজীয়া দিনৰ পৰা সাহিত্য চৰ্চা কৰি আহিছিল । সাহিত্যৰ প্ৰতি থকা আগ্ৰহ আৰু ধৈৰ্য্যৰ বাবেই তেখেতক মঞ্চই এই বটাঁ প্ৰদান কৰে । যোৱা মাৰ্চ মাহত নাৰী দিৱসতো শেৱালী হাজৰিকাই নেৱকাছৰ তৰফৰ পৰা মহীয়সী নাৰীৰ আন্তৰ্জাতিক সন্মান লাভ কৰিবলৈ সক্ষম হয়।তেখেতৰ বহু কবিতা, গল্প বিভিন্ন আলোচনীত প্ৰকাশ পাই আহিছে। শেৱালী হাজৰিকাৰ সাফল্যত বিভিন্ন দল-সংগঠন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে জামুগুৰিহাটবাসী ৰাইজ তথা শৈক্ষিক মহলে অভিনন্দন জনাই সন্তোষ প্ৰকাশ কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.