বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ ঈদ – উজ – আজহা উপলক্ষে অহা ১০ জুলাইত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত সমূহীয়া নামাজ অনুষ্ঠিত হব।আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী ঈদগাহ ময়দানতো কভিডৰ বাবে দুবছৰ বিৰতিৰ অন্তত অনুষ্ঠিত হবলগীয়া”ঈদ – উজ – আজহাৰ সমূহীয়া নামাজ উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । জালুকবাৰী ঈদগাহ কমিটিৰ সভাপতি আলহাজ ইব্ৰাহিম আলী , কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহ , সাধাৰণ সম্পাদক আবুল আলী , কোষাধ্যক্ষ নাছেম আলীয়ে এটা বিবৃতিত সিদিনা পুৱা ৭.৪৫ বজাত জালুকবাৰী ঈদগাহ ময়দানত অনুষ্ঠিত লবলগীয়া সমুহীয়া নামাজত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনাইছে । সমূহীয়া নামাজত ইমামতি কৰিব এক নং উত্তৰ জালুকবাৰী জামে মছজিদৰ ইমাম মৌলানা ৰহুল আমিন আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদৰ ইমাম মৌলানা মুফটি মোৱাজুদ্দিনে । আনহাতে নামাজৰ লগত সংগতি ৰাখি সিদিনা ইমাম , ঈদগাহ , মছজিদ , কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হব।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন