এতিয়াৰে পৰা নিজৰ খেয়াল-খুচিমতে চলিব নোৱাৰিব স্কুলবাছ। ছাত্ৰছাত্ৰী কঢ়িওৱাৰ নামত অকতৃত্বশীলভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব যিকোনো বাহন। বাছৰ সন্মুখ আৰু পিছফালে “স্কুল বাছ” বুলি সকলোৰে দৃশ্যমান হোৱাকৈ লিখা থাকিব লাগিব, যদিহে ভাড়াতীয়া বাছ হয় তেতিয়া “অন স্কুল ডিউটি” বুলি উল্লেখ থাকিব লাগিব ৷ বিদ্যালয়লৈ ছাত্ৰছাত্ৰী কঢ়িওৱা বাছত লিখা থাকিব লাগিব স্কুলৰ নাম, টেলিফোন নম্বৰ ৷ প্ৰতিখন স্কুলবাছ হ’ব লাগিব হালধীয়া ৰঙৰ। বাছত থাকিব লাগিব চিচি টিভি, জিপিএচ ব্যৱস্থা। থাকিব লাগিব ফাষ্ট এইড বক্স, ফায়াৰ এষ্টিংগুইজাৰ ৷ স্কুলবাছৰ আসনৰ তলত স্কুলবেগ ৰাখিব পৰাকৈ সুবিধা কৰি দিব লাগিব, খিৰিকীত গ্ৰীল লগাব লাগিব ৷ তদুপৰি স্কুলবাছৰ চালকজনৰ গধুৰ যানবাহন চলোৱাৰ কমেও পাঁচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ৰেড লাইট অতিক্ৰম কৰাকে ধৰি মদ্যপান কৰি আৰু অনিয়ন্ত্ৰিত বেগত গাড়ী চলোৱা আদি বিভিন্ন অপৰাধত বছৰত দুবাৰকৈ চালান কৰা চালকক স্কুলবাছ চলোৱাত নিয়োগ কৰিব নোৱাৰিব। স্কুলবাছত চিচি টিভি জিপিএছ লগোৱাৰ লগতে কোনখন বাছ ক’লৈ যায়, ছাত্ৰ-ছাত্ৰীক ক’ত ক’ত উঠাব আৰু নমাব সেয়া স্কুল কতৃপক্ষই নিৰীক্ষণ কৰি থাকিব লাগিব । ছাত্ৰছাত্ৰীক প্ৰয়োজনত শুস্ৰুষা কৰিব পৰাকৈ বাছত থাকিব লাগিব প্ৰশিক্ষণপ্ৰাপ্ত পৰিচাৰিকা। প্ৰয়োজন সাপেক্ষে বাছত অভিভাৱক আৰু শিক্ষক উঠিব পাৰিব। দেশৰ মহামান্য উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে স্কুলবাছত অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলে সকলো সময়তে যাতে নিশ্চিত নিৰাপত্তা আৰু সুৰক্ষা লাভ কৰে সেই উদেশ্য জাৰি কৰা এই কঠোৰ নিৰ্দেশনা সন্দৰ্ভত আজি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে মহানগৰ জিলাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰধানসকলক সতৰ্ক আৰু সজাগ কৰি দিয়ে ৷ বিদ্যালয়সমূহে যাতে অহা ৩১ জুলাইৰ ভিতৰত স্কুলবাছত সকলো সুৰক্ষা ব্যৱস্থা উন্নিতকৰন কৰি আগন্তুক ১ আগষ্টৰ পৰা ছাত্ৰছাত্ৰীক সম্পূৰ্ণ সুৰক্ষা দিয়াত মনোনিৱেশ কৰিব পাৰে তাৰ বাবে আহ্বান জনায় । এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ উলংঘা কৰিলে ছাত্ৰছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত পৰিবহণ বিভাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সকিয়াই দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা বিচাৰি জনোৱা আহ্বানৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত শিক্ষক আৰু শিক্ষানুষ্ঠান সমূহৰ অৱদান হ’ব মনকৰিবলগীয়া। এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সজাগতা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰাই আদৰণি ভাষণ দিয়াৰ পিছতে অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই প্ৰতিগৰাকী ছাত্ৰছাত্ৰীকে নিজৰ সন্তান আৰু সম্পদ বুলি জ্ঞান কৰি তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থাটো অন্তঃকৰণে অনুভৱ এই ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। এচিপি ড° অনুপ জ্যোতি বৰা, কৰ্ণেল বলজীত চাহালেও বিদ্যালয় সমূহে গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিহা পৰামৰ্শ আগবঢ়োৱা সজাগতা অনুষ্ঠানটিত কামৰূপ মহানগৰ জিলাৰ যানবাহন পৰিদৰ্শক জয় সিং ৰংফাৰে তেওঁৰ কথা আৰু সুৰৰ এটি পথ সুৰক্ষামূলক গীত পৰিবেশন কৰি সকলোকে সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিবল প্ৰয়াস কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাসমূহ অডিঅ-ভিডিওযোগে বিদ্যালয়ৰ প্ৰধানসকলৰ মাজত উপস্থাপন কৰি সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে সকলোকে হাতে কামে লাগিবলৈ আহ্বান জনায় ৷
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান