জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ক্ৰিকেটাৰ উমাৰ কঠোৰ অনুশীলনঃ কাইলৈ বাংগালুৰু অভিমুখে ৰাওনাঃ

0 48

প্ৰথমগৰাকী অসমীয়া মহিলা ক্ৰিকেটাৰ হিচাপে ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰীকেট দলৰ টেষ্ট দলত স্থান লাভ কৰাৰ পিছত বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত যোৱা ১ জুনৰ পৰা কঠোৰ অনুশীলন চলাইছে বোকাখাতৰ জিয়ৰী ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে৷বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত পুৱা আৰু বিয়লি প্ৰশিক্ষক মেহবুব আলমৰ তত্বাৱধানক পূৰ্ণোদ্দমে অনুশীলন অব্যাহত ৰাখিছে৷বোকাখাতৰ বান অধ্যুষিত কান্ধুলিমাৰিৰ পৰা দৈনিক ৮ কিলোমিটাৰ খোজকাঢ়ি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে কৃষক কন্যা উমা ছেত্ৰীয়ে৷সমান্তৰালকৈ শৰীৰ চৰ্চা আৰু সাঁতোৰতো অংশ লয় উমাই ৷ অহা ১৬ জুনৰ পৰা ভাৰত ভ্ৰমণ কৰিব লগা দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা ৩ এদিনীয়া, ৩ খন টি ২০ আৰু এখন টেষ্ট মেছ খেলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত উমাই স্থান লাভ কৰিছে৷যোৱা দিন কেইটাত বোকাখাতত কঠোৰ অনুশীলনৰ পিছতে কাইলৈ অথাৎ ১০ জুনত বোকাখাতৰ পৰা বাংগালুৰুৰ অভিমুখে উমা ৰাওনা হৈ দলৰ সৈতে যোগ দিব ৷ ইয়াৰ পূৰ্বে উমাই ভাৰতীয় মহিলা এ দলত স্থান লাভ কৰি হংকং ভ্ৰমণ কৰিছিল৷ইয়াৰ পিছতে ভাৰতীয় মহিলা মূল দলত স্থান লাভ কৰি উমাই বাংলাদেশ ভ্ৰমণ কৰিছিল ৷

খবৰ যুগুতালে দিব্যজ্যোতি হাজৰিকাই৷

Leave A Reply

Your email address will not be published.