হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চালক সকলৰ বাবে এতিয়াৰে পৰা দুঃখবৰ। কিয়নো এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ তেল ডিপো সমূহত যিসকল দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান নকৰাকৈ ডিপোলৈ তেল ভৰাবলৈ আহে তেওঁলোকে তেল নাপাব । কিয়নো পথ সুৰক্ষা আৰু জীৱন ৰক্ষাৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিয়ে মহানগৰীৰ ডিপো সমূহত হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালকক পেট্ৰল নিদিবলৈ তেল ডিপোৰ গৰাকী আৰু কৰ্মচাৰী সকলক আহ্বান জনাইছে । এই সন্দৰ্ভত জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে ২৫ জুনত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ বিশ্বজিৎ পেগুৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত পথ সুৰক্ষা সমিতিৰ এখন সভাত “ন’ হেলমেট ন’ পেট্ৰল” নীতি কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই নীতিৰ অধীনত হেলমেট পৰিধি নকৰা দুচকীয়া বাহন চালকক পেট্ৰল ডিপোট পেট্ৰল নিদিবলৈ ডিপো সমূহলৈ আহ্বান জনোৱা হৈছে । ইতিমধ্যে জিলা উপায়ুক্তই এই নীতি যাতে সঠিকভাবে কাৰ্যকৰী হয় তাৰ বাবে পেট্ৰল ডিপোৰ তদাৰকৰ দায়িত্বত থকা জিলা যোগান বিভাগক নিৰ্দেশনা দিছে । আনহাতে জিলা পৰিবহন বিষয়া গৌতম দাসে জনোৱা দিয়া মতে দুচকীয়া বাহনৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত কেৱল হেলমেট পৰিধান নকৰা বাবে বহু চালকে মূৰত আঘাট পাই অকালতে মৃত্যুক আঁকোৱালি লবলগীয়া হয় । ইয়াৰ বেছিভাগেই ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ । স্বাভাবিকতে দেশ গঢ়াৰ বয়সত অকাল মৃত্যুক সাৱটি লবলগীয়া হোৱাটো দেশখনৰ বাবেও বৃহৎ ক্ষতি বুলি জিলা পৰিবহন বিষয়া গৰাকীয়ে সদৰি কৰিছে ।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন