যোৱা পাচ মাৰ্চ তাৰিখৰ পৰা জৰ্ডানৰ আমানত আৰম্ভ হৈছে এখন চিত্ৰ প্ৰদৰ্শনী ৷ উল্লেখযোগ্য যে আমান মিউনিচিপেলিটি আৰু ভাৰতৰ এছ্ এম্ ডি আৰ্ট ফাউণ্ডেচন পৃষ্ঠপোষকতাত “ ৰছ্ – এ- লাইন “ আৰ্ট গেলাৰীত অনুষ্ঠিত এই শিল্প প্ৰদৰ্শনীখন উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্ৰদূত মিষ্টাৰ আনোৱাৰ হালিমে ৷ অসমকে ধৰি ভাৰতৰ কেইবাজনো শিল্পীৰ লগতে জাপান , জৰ্ডান, USA , কানাডা , আলবেনিয়া , টাইৱান , পেলেষ্টাইন আদি কেইবাখনো দেশৰ চিত্ৰশিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰে ৷ উক্ত প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত জৰ্ডান চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মূখ্য বিষয়া সকলৰ লগতে আমান সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য প্ৰৱন্ধক তথা কলাসমালোচক গৰাকীয়ো উপস্থিত থাকে ৷ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা সভাত ৰাষ্ট্ৰদূত আনোৱাৰ হালিমে এছ্ এম্ আৰ্ট ফাউণ্ডেচনৰ সভানেত্ৰী জৰ্ডানৰ জেনেৰিতা আম্ৰতি আৰু প্ৰতিষ্ঠাপক মিন্টু ডেকাক ধন্যবাদ জনোৱাৰ লগতে উক্ত প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰা সকলো শিল্পীকে তেওঁৰ সুললিত ভাষণেৰে উৎসাহিত কৰে ৷ এই আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনত অসমৰ হৈ উপস্থিত থকাৰ লগতে অংশগ্ৰহণ কৰে মিন্টু ডেকা , মুকুল দুৱৰা আৰু দেৱব্ৰত মহন্তই ৷ ইয়াত প্ৰদৰ্শিত হয় অসমৰ আন এজন শিল্পী জোনমণি বড়াৰো ছবিৰ প্ৰিণ্ট ৷ মিন্টু ডেকাৰ Installation কলাৰ লগতে মুকুল দুৱৰা আৰু দেৱব্ৰত মহন্তৰ শিল্পকলাইয়ো চিত্ৰ অনুৰাগী সকলৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে ৷
Trending
- Foundation Stone Laying Ceremony of North East Centre for Technology Application and Reach (NECTAR)
- Assam CM meets EU Ambassador to India-discusses opportunities for collaboration in different sectors
- এইচ ডি এফ চি বেঙ্কে ভাৰতীয় সেনাবাহিনী আৰু চি এচ চি একাডেমীয়ে প্ৰকল্প নমন ২৬ টা নতুন স্থানলৈ সম্প্ৰসাৰিত
- গ্ৰাহক দিৱস উদযাপন
- কৃষকক সৱলীকৰণৰ লক্ষ্যৰে কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৰ্মশালা সম্পন্ন
- Farmers Mobilization & Awareness Programme under PM-DevINE Scheme Held in Goalpara
- দিল্লী আৰু মুম্বাইত নিৰ্মাণ হ’বলগীয়া নতুন অসম ভৱনত চৰকাৰে প্ৰতিষ্ঠা কৰিব একোটাকৈ ‘নামঘৰ’
- ভাৰতীয় ভাষাসমূহত কৃত্রিম বুদ্ধিমত্তা-গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তিবিষয়ক দুদিনীয়া কৰ্মশালাৰ সামৰণি
- IIMC initiated quality Media education in the Third World
- কনটেণ্ট ক্ৰিয়েটৰ এক আকৰ্ষণীয় কেৰিয়াৰ- ড°বুলজিৎ বুঢ়াগোহাঁই-ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন