যোৱা পাচ মাৰ্চ তাৰিখৰ পৰা জৰ্ডানৰ আমানত আৰম্ভ হৈছে এখন চিত্ৰ প্ৰদৰ্শনী ৷ উল্লেখযোগ্য যে আমান মিউনিচিপেলিটি আৰু ভাৰতৰ এছ্ এম্ ডি আৰ্ট ফাউণ্ডেচন পৃষ্ঠপোষকতাত “ ৰছ্ – এ- লাইন “ আৰ্ট গেলাৰীত অনুষ্ঠিত এই শিল্প প্ৰদৰ্শনীখন উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্ৰদূত মিষ্টাৰ আনোৱাৰ হালিমে ৷ অসমকে ধৰি ভাৰতৰ কেইবাজনো শিল্পীৰ লগতে জাপান , জৰ্ডান, USA , কানাডা , আলবেনিয়া , টাইৱান , পেলেষ্টাইন আদি কেইবাখনো দেশৰ চিত্ৰশিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰে ৷ উক্ত প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত জৰ্ডান চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মূখ্য বিষয়া সকলৰ লগতে আমান সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য প্ৰৱন্ধক তথা কলাসমালোচক গৰাকীয়ো উপস্থিত থাকে ৷ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা সভাত ৰাষ্ট্ৰদূত আনোৱাৰ হালিমে এছ্ এম্ আৰ্ট ফাউণ্ডেচনৰ সভানেত্ৰী জৰ্ডানৰ জেনেৰিতা আম্ৰতি আৰু প্ৰতিষ্ঠাপক মিন্টু ডেকাক ধন্যবাদ জনোৱাৰ লগতে উক্ত প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰা সকলো শিল্পীকে তেওঁৰ সুললিত ভাষণেৰে উৎসাহিত কৰে ৷ এই আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনত অসমৰ হৈ উপস্থিত থকাৰ লগতে অংশগ্ৰহণ কৰে মিন্টু ডেকা , মুকুল দুৱৰা আৰু দেৱব্ৰত মহন্তই ৷ ইয়াত প্ৰদৰ্শিত হয় অসমৰ আন এজন শিল্পী জোনমণি বড়াৰো ছবিৰ প্ৰিণ্ট ৷ মিন্টু ডেকাৰ Installation কলাৰ লগতে মুকুল দুৱৰা আৰু দেৱব্ৰত মহন্তৰ শিল্পকলাইয়ো চিত্ৰ অনুৰাগী সকলৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে ৷
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls