টপচেম চিমেণ্টে শুভাৰম্ভ কৰিছে টপচেম সমৃদ্ধি আঁচনি

0 229

উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ চিমেণ্ট নিৰ্মাণ কোম্পানী টপচেম চিমেণ্টে, “টপচেম সমৃদ্ধি আঁচনি” (TOPCEM Samriddhi Scheme) শীৰ্ষক আঁচনি এখন মুকলি কৰাৰ ঘোষণা কৰিছে। এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে টপচেম চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ পদ্মভূষণ সুনীল মনোহৰ গাভাস্কাৰে। ‘টপচেম সমৃদ্ধি আঁচনি”ৰ শুভাৰম্ভ অনুষ্ঠানৰ সময়ত সুনীল এম গাভাস্কাৰৰ সৈতে উপস্থিত আছিল মেঘালয় চিমেণ্টছ লিমিটেডৰ সঞ্চালক বজৰং লোহিয়া, মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ এণ্ড মাৰ্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰে মেঘালয় চিমেণ্টছ লিমিটেডৰ আন বহু জ্যেষ্ঠ বিষয়া। পাঁচ মাহৰ বাবে শুভাৰম্ভ কৰা এই আঁচনিখন সকলোতকৈ অভিনৱ প্ৰকাৰৰ আঁচনি, য’ত টপচেম চিমেণ্ট ব্যৱহাৰ কৰি মিস্ত্ৰীসকলে কাম কৰিব আৰু ইনচেণ্টিভ লাভ কৰিব। ২০২১ চনত, ক্ৰীড়া আইকন, প্ৰখ্যাত ক্ৰিকেটাৰ আৰু ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক পদ্মভূষণ সুনীল মনোহৰ গাভাস্কাৰক টপচেম চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তি স্বাক্ষৰ কৰা হৈছিল। আটাইতকৈ নিৰ্ভৰযোগ্য আৰু অভিনৱ চিমেণ্ট উদ্যোগৰূপে খ্যাত টপচেমে সমাজৰ প্ৰতি সৰ্বশ্ৰেষ্ঠ মানদণ্ড, সেৱা আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।টপচেম চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে সুনীল এম গাভাস্কাৰে প্রথমবাৰলৈ এই চিমেণ্টৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানটোত তেওঁ কয়; “এই আঁচনিখন আৰম্ভ কৰাটো মোৰ বাবে এক উত্তম সুযোগ, যাৰ দ্বাৰা মিস্ত্ৰীসকল লাভাম্বিত হ’ব। মই এই আঁচনিখনে এক ডাঙৰ সফলতা লাভ কৰাৰ কামনা কৰো।
মেঘালয় চিমেণ্টছ লিমিটেডৰ সঞ্চালক বজৰং লোহিয়াই কয়; “এই আঁচনিৰ শুভাৰম্ভৰ সময়ত সুনীল এম গাভাস্কাৰ উপস্থিত আছিল বাবে টপচেম চিমেণ্ট ধন্য হৈছে আৰু তেওঁ কৈছে যে
টপচেমে সমাজৰ সকলো ধৰণৰ বিকাশত বিশ্বাস কৰে আৰু এই আঁচনিৰ দ্বাৰা টপচেম ব্ৰেণ্ড বিকাশত সদায় যত্ন লোৱা মিস্ত্ৰীসকল প্ৰত্যক্ষভাৱে লাভাম্বিত হ’ব।”মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ এণ্ড মাৰ্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰে কয়, “টপচেমে সদায়ে সমাজৰ নিম্নতম স্তৰৰ সেৱাৰ বাবে বিভিন্ন আঁচনি বিকশিত কৰিছে। মিস্ত্ৰীসকলে নিৰ্মাণ জগতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকৰ বাবে আমি এনে আঁচনি ঘোষণা কৰি সৌভাগ্য অনুভৱ কৰোঁ।
এক শক্তিশালী নেটৱৰ্ক, বছৰে বছৰে সৰ্বশ্ৰেষ্ঠ মানদণ্ড আৰু সেৱাই আমাৰ বজাৰৰ সম্পৰ্ক বিকশিত কৰি আহিছে। টপচেম চিমেণ্টে বিশ্বাস কৰে যে “টপচেম সমৃদ্ধি আঁচনি” শুভাৰম্ভৰে ইয়াৰ স্থিতি বজাৰত আৰু মিস্ত্ৰীসকলৰ মাজত ই আৰু অধিক শক্তিশালী হ’ব। শেহতীয়াকৈ মেঘালয় চিমেণ্টছ লিমিটেডে টপচেম ছলিড ধালাই চিমেণ্ট নামৰ এটা বৈপ্লৱিক চিমেণ্ট সামগ্ৰী মুকলি কৰে, যিয়ে উত্তৰ-পূব ভাৰতৰ বজাৰত সামগ্ৰীৰ উৎকৰ্ষতাৰ এক মানদণ্ড স্থাপন কৰিছে।

Leave A Reply

Your email address will not be published.