টপচেম চিমেণ্টৰ দক্ষতা উন্নয়ন প্ৰশিক্ষণ

0 263

WhatsApp Image 2018-03-19 at 6.16.25 PM

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণীয় চিমেণ্ট নিৰ্মাতা প্ৰতিষ্ঠান টপচেম চিমেণ্টে চেণ্টম ফাউণ্ডেচনৰ সহযোগত “টপচেম-মেচন স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰ’গ্ৰাম” শীৰ্ষক এলানি দক্ষতা উন্নয়নৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন কৰে। ইয়াৰ জৰিয়তে ৰাজমিস্ত্ৰীসকলৰ কৰ্মদক্ষতাৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হয়। নিৰ্মাণ উদ্যোগত ৰাজমিস্ত্ৰীৰ বিষয়টো এক প্ৰাথমিক বিষয়। যি প্ৰকল্পৰ প্ৰয়োজনীয়তা অনুসাৰে সকলো ধৰণৰ আন্তঃগাঁথনিৰ বাবে প্ৰয়োজনীয়। এই কাৰ্য্যসূচীটোৱে নিয়োগ বৃদ্ধি কৰিছে।

WhatsApp Image 2018-03-19 at 5.54.37 PM

চৰকাৰৰ প্ৰতিবেদন অনুসৰি ২০১৬ চনত এই উদ্যোগ ক্ষেত্ৰৰ মূল্য আছিল ১২৬ আমেৰিকান বিলিয়ন ডলাৰ আৰু ক্ৰমান্বয়ে স্থিৰ গতিত বিকশিত হোৱা এই উদ্যোগটোৰ মূল্য ২০১৮ চনৰ ভিতৰত ৭ গুন পৰ্যন্ত বৃদ্ধি হ’ব বুলি ঠাৱৰ কৰা হৈছে৷টপচেম চিমেণ্টৰ ৰাজমিস্ত্ৰী দক্ষতা উন্নয়ন কাৰ্য্যসূচী প্ৰতিষ্ঠানটোৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ড৹ অনিল কাপুৰে ১৬ মাৰ্চৰ কামৰূপৰ গৌৰিপুৰ প্লাণ্টত ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ সৈতে মুকলি কৰে। এই সম্পৰ্কত অধ্যক্ষ গৰাকীয়ে মন্তব্য কৰে যে স্থানীয় দক্ষতা উন্নয়ন কৰাই আমাৰ প্ৰয়াস।

WhatsApp Image 2018-03-19 at 5.54.31 PM

টপচেম চিমেণ্টৰ বাবে এয়া ষ্টাৰ্টআপ স্বৰূপ আৰু পৰৱৰ্তী পৰ্য্যায়ত যুৱ সমাজে ইয়াত সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰাটো আমি বিচাৰিম। আজি মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত কৰা এক অনুষ্ঠানত এই মন্তব্য কৰে। অনুষ্ঠানত টপচেম চিমেণ্টৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.