অসমৰ ৰাইজৰ বাবে টাইম কেপছুল শব্দটো কিছু পৰিমাণে হ’লেও নতুন। সাধাৰণ অৰ্থত টাইম কেপছুল হ’ল বৰ্তমানক ভৱিষ্যতলৈ কঢ়িয়াই নিয়া এক ব্যৱস্থা। অৰ্থাৎ টাইম কেপছুলৰ সহায়ত আমি অতীতৰ বস্তুবোৰ সংৰক্ষিত কৰি ৰাখিব পাৰো। সাধাৰণ ভাষাত ক’বলৈ গ’লে টাইম কেপছুল’ হ’ল এটি সৰু জোতাৰ বাকচৰ দৰে ঠাই য’ত আমি সৰুতে থোৱা বিভিন্ন কাগজ পাতি বৃদ্ধকালত উদ্ধাৰ হ’লে অতীত ৰোমন্থন কৰিব পাৰো।
বিশ্বত এনে বহু টাইম কেপছুল আছে যিবোৰ আপোনাৰ,আমাৰ অজ্ঞাতে গঢি উঠিছে ।উদাহৰণস্বৰুপে মিচৰৰ পিৰামিড, টুটেন খামুনৰ সৌধ, চৰাইদেউত থকা আহোমৰ মৈদামসমূহ অন্যতম।
১৯১২ চনত আটলাণ্টিক মহাসাগৰত ডুব যোৱা টাইটানিক জাহাজত থকা বহুতো বস্তু ৬৫ বছৰ পাছত অৰ্থাৎ ১৯৭৭ চনত অক্ষত অৱস্থাত সাগৰৰ তলিত পোৱা গৈছিল। এনেধৰণৰ বহুতো প্ৰাকৃতিক টাইম কেপছুলৰ উদাহৰণ পোৱা যায়। আধুনিক সভ্যতাৰ আধুনিক টাইম কেপছুলৰ পিতৃ হ’ল থ’মাছ জেকব। তেওঁ ১৯৩৬ চনত ক্ৰিপট অফ চিভিলাইজেচন নামৰ টাইম কেপছুল এটা প্ৰস্তুত কৰে।
১৯৩৯ চনত প্ৰথমবাৰৰ বাবে থমাছ জেক’বৰ ব্যৱস্থাটোক টাইম কেপছুল নামেৰে নামকৰণ কৰা হয়। টাইম কেপছুল মানৱজাতিৰ বাবে প্ৰয়োজনীয় এক স্মৃতিৰক্ষাৰ ভঁৰাল হিচাপে পৰিগণিত হৈছে। আমাৰ শংকৰদেৱ, মাধৱদেৱৰ বহু সৃষ্টিৰাজি য’তে ত’তে সিচৰিত হৈ আছে৷ যাৰ প্ৰকৃত সংৰক্ষণ নোহোৱাৰ বাবে হয়তো কেইবা দশক পাছত তেওঁলোকৰ নিজৰ হাতৰ পৰশ থকা সাঁচিপাতৰ পুথি বিচাৰি পোৱা নাযাব৷ যাৰ বাবে এটা সভ্যতাৰ উৎস ধ্বংসপ্ৰাপ্তৰ দিশত বুলি ক’ব পাৰি। ই সঁচাকৈয়ে চিন্তনীয় বিষয়।
সৌ সিদিনাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাৰ সৃষ্টিৰাজিসমূহ ‘টাইম কেপছুল’ কৰি ৰখা হেতেন আমাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মই তেওঁলোকৰ নিৰ্ভেজাল সৃষ্টিসমূহ নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিলে হয়! কোনোবাই যদি জয়মতী বোলছবিখন বৰ্তমানে চাইছে তেন্তে ধৰিব পাৰিব ৰেকৰ্ডিঙৰ প্ৰকৃত সংৰক্ষণ নোহোৱাৰ ফলত কি অৱস্থা হৈছে।
ভূপেন হাজৰিকা, ভবেন্দ্ৰ নাথ শইকীয়া, মামণি ৰয়ছম গোস্বামী, খগেন মহন্ত, মহিম বৰা, প্ৰতিমা পাণ্ডে বৰুৱা, হীৰেন ভট্টাচাৰ্য আদিৰ দৰে ব্যক্তিসকলৰ কৰ্মৰাজিৰ সংৰক্ষণ কৰিলে নিশ্চয়কৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই থাকিব। এয়া হ’ল টাইম কেপছুলৰ ধনাত্মক দিশ।
লেখাটো প্ৰস্তুত কৰিলে ৰিপুঞ্জয় বৰদলৈয়ে..