নলবাৰী জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং পশ্চিম নাম্বৰভাগ গাওঁ পঞ্চায়তৰ সভানেত্রী ইলোৰা ডেকাই ‘স্বচ্ছতা চেম্পিয়ন বঁটা ২০২১’ লাভ কৰাৰ খবৰে জিলাখনলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া উদ্যোগত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গান্ধী জয়ন্তী তথা স্বচ্ছ ভাৰত দিৱস উদযাপন অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে এই বঁটা প্ৰদান কৰে।ইলোৰা ডেকাই ৪৫ নং পশ্চিম নামবৰভাগ গাওঁ পঞ্চায়তৰ সভানেত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা পঞ্চায়তখনক স্বচ্ছ আৰু সৰ্বাংগসুন্দৰ কৰাৰ লক্ষ্যৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰি থকা বিভিন্ন আঁচনিৰ অধীনত সময়ে সময়ে বিভিন্ন দিশত কাম কৰি অহাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰে ইলোৰা ডেকালৈ। ৪৫ নং পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়ত খনক অসমৰ ভিতৰত শ্ৰেষ্ঠ পঞ্চায়ত হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা পঞ্চায়ত খনৰ সভানেত্ৰী ইলোৰা ডেকাক মঙ্গলবাৰে পঞ্চায়ত খনত বিভিন্ন জনে সম্বৰ্দ্ধনা জনায়।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls