প্ৰজ্ঞা কস্তুৰী প্ৰকাশন গোষ্ঠীৰ বৰ্ষ শ্ৰেষ্ঠ কবি বঁটা আমৰাঙ্গাৰ মামণি কলিতালৈ

0 312

প্ৰজ্ঞা কস্তুৰী প্ৰকাশন গোষ্ঠীৰ চতুৰ্থ বৰ্ষ পূৰ্তি উপলক্ষে অসম সাহিত্য সভাৰ যোৰহাটস্থিত ৰাধাকান্ত সন্দিকৈ ভৱনত যোৱা ৩ অক্টোবৰত বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হৈ যায়।কবি,সাহিত্যিক মুকুট শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসমৰ বিভিন্ন জিলাৰ কবি, গল্পকাৰৰ গ্ৰন্থ উন্মোচন কৰা হয়। সভাত ২০২১ বৰ্ষৰ বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত ২০২১ বৰ্ষৰ প্ৰজ্ঞা কস্তুৰী বৰ্ষ শ্ৰেষ্ঠ কবি বঁটা লাভ কৰে কামৰূপ জিলাৰ পলাশবাৰীৰ সমীপৱৰ্তী আমৰাঙ্গা নিৱাসী অসম সাহিত্য সভাৰ আজীৱন সদস্যা তথা নৱাৰুণ সাহিত্য সভা,আমৰাঙ্গা বৰিহাটৰ সদস্যা মামণি কলিতাই। উক্ত সভাতেই কবি,গল্পকাৰ মামণি কলিতাৰ “অপৰাজিতা” শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে সাহিত্যিক ইছমাইল হুছেইনে। ইয়াৰোপৰি বিভিন্ন কবি,গল্পকাৰৰো গ্ৰন্থ উন্মোচন কৰা হয়।
বাতৰি যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.