টীয়কৰ কলিয়াপানীত জ্ঞানমাৰ্গ জাতীয় বিদ্যালয় নামেৰে অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত অসমৰ ভিতৰতে প্ৰথমখন সম্পূৰ্ণ বিনামূলীয়া বিদ্যালয় আজি শুভাৰম্ভ কৰা হয়। টীয়ক অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী প্ৰতাপ শইকীয়াৰ পৃষ্ঠপোষকতাত অসমত প্ৰথমখন সম্পূৰ্ণ বিনামূলীয়া জাতীয় বিদ্যালয়ৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ড: ভাৰত ভূষণ বৰাই ।অংকুৰ, প্ৰাক প্ৰাথমিক, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত মুঠ ৯৩ জন ছাত্ৰ-ছাত্রীৰে প্ৰথম বৰ্ষৰ সকলো শ্রেণীৰে পাঠদান শুভাৰম্ভ কৰে।উল্লেখযোগ্য যে বিদ্যালয়খনত নামভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰী সকলক বেগ,ইউনিফৰ্ম,কিতাপ আদি বিনামূলীয়াকৈ যোগান ধৰাৰ লগতে কম্পিউটাৰগাৰ,গ্ৰন্থাগাৰৰ সু ব্যৱস্থা কৰি নতুন প্ৰযুক্তিৰে পাঠদান গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।লগতে পৰ্য্যায়ক্ৰমে দ্বাদশ শ্ৰেণীলৈকে এই ব্যৱস্থা থাকিব বুলি জানিবলৈ দিছে প্ৰতাপ শইকীয়াই। গ্রাম্যাঞ্চলৰ দুখীয়া পৰিয়ালৰ সন্তানক শিক্ষাৰ পোহৰ বিলাবলৈ বিশিষ্ট ব্যৱসায়ীগৰাকীৰ এই প্রচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ