পলাশবাৰীত স্বেচ্চাসেৱী অনুষ্ঠান খোজৰ আদৰণীয় পদক্ষেপ

0 227

কামৰূপৰ জিলাৰ পলাশবাৰীৰ সমষ্টিৰ দখলাস্থিত অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “খোজ”ৰ উদ্যোগত যোৱা ২৭ মাৰ্চত বিশষভাৱে সক্ষম দিব্যাংগ সকলক ঘৰে ঘৰে গৈ আঠুৱা আৰু কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। দক্ষিণ কামৰূপৰ মাজিৰগাঁও, উপৰহালী, বিজয়নগৰ, দখলা, চিমিনা আৰু প অঞ্চলৰ দহ(১০) গৰাকী দিব্যাংগ সকলৰ মাজত ঘৰে ঘৰে গৈ আঠুৱা আৰু কম্বল বিতৰণ কৰে স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি ইন্দ্ৰ মোহন ঠাকুৰীয়াই। বিতৰণ কৰি সভাপতি ঠাকুৰীয়াই ভৱিষ্যতে দিব্যাংগসকলৰ কাৰণে সা-সঁজুলি প্ৰদান, দক্ষতা বিকাশৰ বিনামূলীয়া প্ৰশিক্ষণ আদিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈ ৰাইজৰ সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায়। উক্ত কাৰ্যসূচীত স্বেচ্ছাসেৱী অনুষ্ঠান “খোজ”ৰ কাৰ্যকৰী সদস্য অলকেশ দেৱ শৰ্মা, পুলক কলিতা, মদন দাস প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকলৰ উপস্থিত থাকে। উক্ত কাৰ্যসূচীৰ ৰূপায়ণ কৰা বাবে হিতাধিকাৰীৰ পৰিয়াল তথা অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰি আ স্বেচ্ছাসেৱী সংস্থাটোৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

Leave A Reply

Your email address will not be published.