টীয়কত জয়মতী দিৱসৰ দিনা মহাসতী জয়মতী নাটক মঞ্চস্থ

0 170

টীয়কৰ পীড়াকটা মিলনজ্যোতি মহিলা সমিতিৰ উদ্যোগত আৰু জনকৈল্যাণ যুৱ সংঘৰ সহযোগত মহাসতী জয়মতীৰ স্মৃতি দিৱস দিনযোৰা কাৰ্যসূচীৰে যুৱ সংঘৰ ৰংগমঞ্চত উদযাপন কৰা হয়।পুৱা পতাকা উত্তোলন,গছপুলি ৰোপণ,স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতে এখনি চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰা হয়।তাৰ পাছতে মহাসতী জয়মতীৰ জীৱন বিতান্ত সম্পৰ্কত উঠি অহা প্ৰজন্মক আভাস প্ৰদানৰ অৰ্থে এক বক্তৃতা সভা অনুষ্ঠিত কৰা হয় য’ত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে মহাসতীৰ আদৰ্শৰ ওপৰত তন্ন তন্নকৈ আলোকপাত কৰে।সন্ধিয়া অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলক লৈ গনেশ গগৈৰ ৰচিত তথা উদীয়মান পৰিচালক মুন খনিকৰৰ পৰিচালনাত মহাসতী জয়মতী নাটকখনি সফল মঞ্চস্থ কৰা হয়।মহিলাসকলৰ এই পদক্ষেপক এতিয়া সমগ্ৰ অঞ্চলবাসীয়ে আদৰণী জনাইছে।

Leave A Reply

Your email address will not be published.