হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে বটদ্ৰৱাৰ ঐতিহাসিক দৌল মহোৎসৱ আৰম্ভ

0 202

ঋতুৰাজ বসন্তৰ আগমন ঘটাৰ লগে লগে প্রকৃতিয়ে যেন নতুন ৰূপ ধাৰণ কৰে। জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল, সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাৱে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হৈ আহিছে। ২৭ মাৰ্চৰ সন্ধিয়াৰে পৰা পৰম্পৰাগতভাৱে দৌল উৎসৱৰ গন্ধোৎসৱ আৰম্ভ হৈছে। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি গন্ধোৎসৱৰ সন্ধিয়া গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ) গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ গন্ধবাদন কাৰ্য্যৰ গন্ধঘৰত নোৱাই ধুৱাই নৱ বস্ত্ৰ পিন্ধাই গোঁসাইপূজা কৰে আৰু ইয়াৰ পিছত ৰভাতলত স্থাপন কৰে। কালি গন্ধ উৎসৱ হৈ যোৱাৰ পিছত ২৮ ৰ্মাচ দেওঁবাৰে পুৱাৰে পৰা বটদ্ৰৱা থানত অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে আৰু কালি গোসাঁই মুৰত ফাকু দিয়া উৎসৱৰ দুপৰীয়া গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ’ব। গায়ন বায়নে ন-ধেমালি পৰিবেশন কৰে ।তাৰ পিছতে ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহণ কৰে । ইয়াৰোপৰি দৌল উৎসৱৰ লগত সংগতি ৰাখি ২৮, ২৯ আৰু ৩০ ৰ্মাচৰ সন্ধিয়াৰে পৰা আকাশী গংগাৰ পাৰৰ আই খেৰখুটি স্থায়ী প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.