ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীরে আজিৰে পৰা দুদিনীয়াকৈ একাডেমীৰ প্ৰাংগণত ডিপ ফ’কাচ স্টুডেন্ট শর্ট ফিল্ম ফেষ্টিভেলৰ আয়োজন কৰে। উক্ত চুটি ছবি মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ ছাত্ৰ চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰে। দুদিনীয়াকৈ অনুষ্ঠিত এই চুটি মহোৎসৱখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ড্রিম হাউছ প্ৰডাকছনৰ সঞ্চালক নীতা শৰ্মাই। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শৰ্মাই কয় যে ডি এফ এছ এছ এফ মহোৎসৱৰ প্ৰথম অভিনত ৫২ খন চুটি চলচ্চিত্রই অংশগ্রহণ। কৰে যদিও ইয়াৰে ২০ খন চলচ্চিত্ৰ বাছনি কৰা হয়। উক্ত ২০ খন চুটি চলচ্চিত্ৰৰ ভিতৰৰ পৰা ১০ খন চলচ্চিত্র বিশেষ প্ৰদৰ্শনৰ বাবে বাছনি কৰা হয়। উক্ত মহোৎসৱত উদ্বোধনী চলচ্চিত্ৰ হিচাবে অসমৰ চলচ্চিত্র নির্মাতা খানছন কিশোৰ নাথৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কাৰ্বি চুটি ছবি ‘কাচিচিনিথু’ প্ৰদৰ্শন কৰা হয়। কা, মস্কো, বুছান, কায়েৰ’ৰ দৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা জুৰিৰ সদস্য বিতুপন বৰবৰাৰ লগতে বলীউডৰ প্রখ্যাত চিত্ৰগ্ৰহণকাৰী কৰিম খাটী, চলচ্চিত্ৰ পৰিচালক ৰাজ মুখার্জী, ৰাণা সন্তোষ কুমাৰ আৰু গৌতম চক্ৰৱৰ্তীয়ে জুৰিব আসন শুৱনি কৰে। উক্ত মহোৎসৱত বিভিন্ন শ্রেণী বিশেষকৈ শ্রেষ্ঠ অভিনেতা, শ্রেষ্ঠ অভিনেত্রী, শ্রেষ্ঠ। সম্পাদক, শ্রেষ্ঠ চিত্ৰগ্ৰহণকাৰী, শ্রেষ্ঠ ধ্বনি ডিজাইনাৰক বঁটা প্ৰদান কৰা হ’ব। বঁটা বিজয়ীসকলে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে ড্রিম হাউছৰ সৈতে সম্পৰ্ক বজাই ৰাখিব পাৰিব। কাইলৈ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিজয়ীসকলক বঁটা প্ৰদান কৰা হ’ব।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান