লোক-সংস্কৃতিৰ প্ৰতি মানুহৰ অপৰিসীম অনুৰাগ বৃদ্ধি পাইছে। লোক-সংস্কৃতিৰ চৰ্চাত অসম দেশৰ ভিতৰতে অন্যতম চহকী। লোককথা, লোকগীত, লোকসাহিত্য চৰ্চাৰে অসমৰ সাহিত্যিক, শিল্পী, গৱেষকে বিশ্বজুৰি সমাদৃত হৈছে। বিশ্বজুৰি লোক-সংস্কৃতিৰ পৰিমণ্ডল বিৰাট চহকী। ড০ প্ৰফুল্ল দত্ত গোস্বামী, ড০ বীৰেন্দ্ৰ নাথ দত্ত, ড০ প্ৰমোদ চন্দ্র ভট্টাচার্য, ড০ নবীন চন্দ্র শৰ্মা আদি বৰেণ্য লোক-সংস্কৃতিবিদৰ পিচতে ড০ মলিনা দেৱী ৰাভাৰ নাম অসম, ভাৰতত উল্লেখযোগ্য। আজি গুৱাহাটী প্ৰেছ ক্লাবত “পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত বিশিষ্টা লেখিকা, গৱেষিকা, বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ড০ মলিনা দেৱী ৰাভাৰ নৱতম গ্ৰন্থ “অসমৰ জনজাতীয় লোকসংস্কৃতিৰ ৰূপৰেখা” উন্মোচন কৰি এনেদৰে কয় বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠকে। শিক্ষাবিদ ড০ পাঠকে আৰু কয়- লোকসংস্কৃতিৰ চৰ্চা হিমালয়ত তপস্যা কৰা সমান। পবিত্র অন্তৰৰ লোকসকলে লোকসংস্কৃতিৰ চৰ্চাৰে অসমৰ সাহিত্য-সংস্কৃতিৰ ভৰাঁল চহকী কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ লোক-সংস্কৃতি চৰ্চাৰ বলিষ্ঠ কন্ঠ ড০ মলিনা দেৱী ৰাভাই লোকসংস্কৃতিৰ চৰ্চাৰে এদিন বিশ্ব সভাত স্থান পাব।” সাংবাদিক, লেখক, প্ৰকাশক দীপক শৰ্মাই আঁত ধৰা সভাখন কন্ঠশিল্পী দুৰ্গামণি বৰগোঁহাইৰ বৰগীতেৰে সভাখনি শুভাৰম্ভ কৰা হয়। বিশিষ্ট সাংবাদিক, সাহিত্যিক, চিন্তাবিদ ড০ সূৰ্য হাজৰিকাই কয়- লোকজীৱন চহকী হয় লোকসাহিত্য চৰ্চাৰে। বিশ্বৰ সাহিত্য চৰ্চা অন্যতম।” অসম নাট্য সন্মিলনৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে গ্ৰন্থৰ আজিৰ তাৰিখত সমাদৰ, গ্ৰন্থৰ শক্তিৰ ওপৰত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত অসম লোক নিৰ্মাণ বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা তথা বিশিষ্ট সাহিত্যিক নিশুতি মজুমদাৰ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম, মণিপুৰী পিপলস ফ্ৰন্টৰ সভাপতি য়েংখোম উপেন্দ্র সিংহ, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ডাঃ শৰৎ চন্দ্র ৰাভা, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ সম্পাদক প্ৰধান কমল কলিতা, দুধনৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ হৰ কুমাৰ নাথ, বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন বিষয়া ইন্দ্ৰেশ্বৰ নাথ, বিশিষ্ট গীতিকাৰ তথা প্ৰাক্তন কেন্দ্রীয় বিষয়া শচীন দাস, বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ অনন্যা বৰুৱা বিশিষ্ট অতিথি হিচাপে ভাষণ দি লোকসংস্কৃতিৰ গ্ৰন্থৰ চাহিদাৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়, গুৱাহাটী জিলা দেউৰী সাহিত্য সভাৰ পত্রিকা সম্পাদক সুবন্তী দেউৰী, বিশিষ্টা কবি নুৰ নাহাৰ জিয়া, সংগীতা গগৈ, মাইনী চমুৱা আদি ভালেমান বিশিষ্ট ব্যক্তি সভাত উপস্থিত আছিল।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি