লোক-সংস্কৃতিৰ প্ৰতি মানুহৰ অপৰিসীম অনুৰাগ বৃদ্ধি পাইছে। লোক-সংস্কৃতিৰ চৰ্চাত অসম দেশৰ ভিতৰতে অন্যতম চহকী। লোককথা, লোকগীত, লোকসাহিত্য চৰ্চাৰে অসমৰ সাহিত্যিক, শিল্পী, গৱেষকে বিশ্বজুৰি সমাদৃত হৈছে। বিশ্বজুৰি লোক-সংস্কৃতিৰ পৰিমণ্ডল বিৰাট চহকী। ড০ প্ৰফুল্ল দত্ত গোস্বামী, ড০ বীৰেন্দ্ৰ নাথ দত্ত, ড০ প্ৰমোদ চন্দ্র ভট্টাচার্য, ড০ নবীন চন্দ্র শৰ্মা আদি বৰেণ্য লোক-সংস্কৃতিবিদৰ পিচতে ড০ মলিনা দেৱী ৰাভাৰ নাম অসম, ভাৰতত উল্লেখযোগ্য। আজি গুৱাহাটী প্ৰেছ ক্লাবত “পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত বিশিষ্টা লেখিকা, গৱেষিকা, বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ড০ মলিনা দেৱী ৰাভাৰ নৱতম গ্ৰন্থ “অসমৰ জনজাতীয় লোকসংস্কৃতিৰ ৰূপৰেখা” উন্মোচন কৰি এনেদৰে কয় বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠকে। শিক্ষাবিদ ড০ পাঠকে আৰু কয়- লোকসংস্কৃতিৰ চৰ্চা হিমালয়ত তপস্যা কৰা সমান। পবিত্র অন্তৰৰ লোকসকলে লোকসংস্কৃতিৰ চৰ্চাৰে অসমৰ সাহিত্য-সংস্কৃতিৰ ভৰাঁল চহকী কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ লোক-সংস্কৃতি চৰ্চাৰ বলিষ্ঠ কন্ঠ ড০ মলিনা দেৱী ৰাভাই লোকসংস্কৃতিৰ চৰ্চাৰে এদিন বিশ্ব সভাত স্থান পাব।” সাংবাদিক, লেখক, প্ৰকাশক দীপক শৰ্মাই আঁত ধৰা সভাখন কন্ঠশিল্পী দুৰ্গামণি বৰগোঁহাইৰ বৰগীতেৰে সভাখনি শুভাৰম্ভ কৰা হয়। বিশিষ্ট সাংবাদিক, সাহিত্যিক, চিন্তাবিদ ড০ সূৰ্য হাজৰিকাই কয়- লোকজীৱন চহকী হয় লোকসাহিত্য চৰ্চাৰে। বিশ্বৰ সাহিত্য চৰ্চা অন্যতম।” অসম নাট্য সন্মিলনৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে গ্ৰন্থৰ আজিৰ তাৰিখত সমাদৰ, গ্ৰন্থৰ শক্তিৰ ওপৰত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত অসম লোক নিৰ্মাণ বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা তথা বিশিষ্ট সাহিত্যিক নিশুতি মজুমদাৰ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম, মণিপুৰী পিপলস ফ্ৰন্টৰ সভাপতি য়েংখোম উপেন্দ্র সিংহ, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ডাঃ শৰৎ চন্দ্র ৰাভা, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ সম্পাদক প্ৰধান কমল কলিতা, দুধনৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ হৰ কুমাৰ নাথ, বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন বিষয়া ইন্দ্ৰেশ্বৰ নাথ, বিশিষ্ট গীতিকাৰ তথা প্ৰাক্তন কেন্দ্রীয় বিষয়া শচীন দাস, বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ অনন্যা বৰুৱা বিশিষ্ট অতিথি হিচাপে ভাষণ দি লোকসংস্কৃতিৰ গ্ৰন্থৰ চাহিদাৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়, গুৱাহাটী জিলা দেউৰী সাহিত্য সভাৰ পত্রিকা সম্পাদক সুবন্তী দেউৰী, বিশিষ্টা কবি নুৰ নাহাৰ জিয়া, সংগীতা গগৈ, মাইনী চমুৱা আদি ভালেমান বিশিষ্ট ব্যক্তি সভাত উপস্থিত আছিল।
Trending
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত