এনডিএ-ৰ সমৰ্থিত আৰু অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাই কালি ডিমৰীয়া সমষ্টিত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷ শ্বহীদ নগৰ, লক্ষ্মীমন্দিৰ প্ৰাংগন, কুশল নগৰ আৰু বোন্দা বিহুতলীত অনুষ্ঠিত এই নিৰ্বাচনী সভাত সাংসদ বিজুলী কলিতা মেধিৰ লগতে দলৰ আন বিষয়ববীয়াসকল উপস্থিত থাকে৷
পিযুষ হাজৰিকাই সমষ্টিটোত সৰ্বাংগীণ উন্নয়নৰ ধাৰা ক্ষিপ্ৰতাৰে অব্যাহত ৰখাৰ বাবে এন ভি এৰ দূৰদৰ্শী পৰিকল্পনাৰ বিষয়ে ৰাইজক অৱগত কৰে। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত এনডিএ সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী ড° তপন দাসক হাতীৰ ছবিত ভোটদান কৰি বিপুল সমৰ্থন আগবঢ়াবলৈ ডিমৰীয়া বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজক হাজৰিকাই আহ্বান জনায়৷