ঢকুৱাখনাত কেন্দ্ৰীয় টাউন ৰঙালী বিহুৰ প্ৰস্তুতি

0 414

ঢকুৱাখনা নগৰৰ কুৰি বছৰ গৰকা কেন্দ্ৰীয় টাউন ৰঙালী বিহু সমিতিৰ উদ্যোগত বিগত দুটা বছৰৰ কৰোনা কালীন  বিৰতিৰ পাছত চলিত বৰ্ষত বিংশতিতম ৰঙালী বিহুখন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেল পথাৰৰ বিহু বাকৰিত অহা ৯ আৰু ১০ মে’ সোমবাৰ আৰু মঙ্গলবাৰে  দুদিনীয়া কাৰ্যসূচীৰে এই বিহুখন অনুষ্ঠিত হব। উদযাপন সমিতিৰ সম্পাদক কৈলাশ গগৈয়ে সংবাদ মাধ্যমক জনোৱা মতে অহা ৯ মে’ৰ প্ৰথম দিনা পতাকা উত্তোলন ,শ্বহীদ তৰ্পণৰ পাছতে চেমনীয়া ঢোল বাদন , টকা বিহু ,সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হব। ১০ মে’ৰ দ্বিতীয় দিনা দুপৰীয়া চূড়ান্ত স্তৰৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হব । সন্ধিয়া প্ৰয়াত ডাঃ হলিৰাম লাগাচু , ৰাজা খনিকৰ , অচ্যুত দাস , টুকুমনি চুতীয়া , ৰাজাধিৰাজ গগৈ স্মাৰক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছত নিশা ৮ বজাত জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ সংগীতানুষ্ঠান অনুষ্ঠিত হব।  উদযাপন সমিতিয়ে জনোৱা মতে বৰবিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ পুৰস্কাৰ হিচাবে নগদ ৩০হাজাৰ ১টকা , দ্বিতীয় পুৰস্কাৰ নগদ ২০হাজাৰ ১টকা ,  সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ পুৰস্কাৰ হিচাবে নগদ ১৫ হাজাৰ ১টকা , দ্বিতীয় পুৰস্কাৰ হিচাবে ১০হাজাৰ ১টকা , টকা বিহুৰ প্ৰথম শ্ৰেষ্ঠ পুৰস্কাৰ ১০হাজাৰ ১টকা আৰু চেমনীয়া ঢোল বাদন প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ পুৰস্কাৰ হিচাবে ৫ হাজাৰ ১টকা নিৰ্ধাৰণ কৰি ৰাজ্য খনৰ আগ্ৰহী প্ৰতিযোগী সকলক উদযাপন সমিতিৰ ৯৯৫৭৭৮৫০৬০ , ৯১০১৭ ১৯৭৩৬ নম্বৰত যোগাযোগ কৰি শীঘ্ৰে  নামভৰ্তি কৰিবলৈ সমিতিয়ে আহ্বান জনাইছে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.