দাৰ্শনিক ,পণ্ডিতপ্ৰৱৰ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৬০ সংখ্যক পবিত্ৰ জন্ম দিৱসটো ৰাজ্যজুৰি পালিত হোৱাৰ সময়তে ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ব্যতিক্ৰমী ধৰণে দিৱসটো পালন কৰে ।ঢকুৱাখনাৰ মহকুমাৰ এখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানত পৰিষদৰ অৰ্থ সাহাৰ্য্যৰে নিৰ্মিত এটা সুদৃশ্যমান স্থায়ী গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰি পবিত্ৰ শিক্ষক দিৱসৰ দিনাই দ্বাৰ উন্মোচনেৰে শিক্ষক শিক্ষাৰ্থীলৈ উৎসৰ্গা কৰি শিক্ষক দিৱসৰ ব্যতিক্ৰমী মান্যতা প্ৰদান কৰা হয়। ঢকুৱাখনা মহকুমাৰ বকুলগুৰি অঞ্চলত ১৯৯৩ বৰ্ষতে স্থাপিত ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ৰ এটা স্থায়ী কাৰ্যালয় আৰু উন্নত শ্ৰেণীকোঠা গৃহৰ অভাৱত ভোগী অহাৰ পৰিপ্ৰেক্ষিতত এই সুদীর্ঘদিনীয়া অভাৱ পূৰণৰ বাবে আগবাঢ়ি আহে মিচিং স্বায়ত্ব শাসিত পৰিষদ। পৰিষদৰ শিক্ষা বিভাগৰ প্ৰায় ৪০ লাখ পুঁজিৰ আৱন্তন দি পৰিষদৰ ২২ নং খেৰকটা ডাংধৰা সমষ্টিৰ সাধাৰণ সদস্য তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে শ্ৰেণীকোঠা আৰু কাৰ্যালয়টো আটক ধুনীয়াকৈ নিৰ্মানত গুৰুত্ব আৰোপ কৰি আহিছিল। দেওবাৰে পুৱা বেলা শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত শিক্ষা মন্দিৰখনৰ এই নৱ নিৰ্মিত দুমহলীয়া গৃহটোৰ শুভ দ্বাৰ উন্মোচন কৰা হয়। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া , অধ্যক্ষ সুনীল কুমাৰ পেগু , স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে , হস্ত তাঁত বস্ত্ৰ বিভাগৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং , সাধাৰণ সদস্য বিউটি পেগু , জিলা পৰিষদ সদস্য ইন্দ্ৰ কুমাৰ চোংক্ৰাং আদিয়ে একত্ৰিত ভাবে ব্যয় বহুল গৃহটোৰ দ্বাৰ উন্মোচন কৰি মহাবিদ্যালয় কৰ্তৃপক্ষৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰে। মহাবিদ্যালয় পৰিয়াল , শিক্ষানুৰাগী ৰাইজ ,মিচিং জাতীয় সংগঠনৰ নেতৃবৰ্গ আৰু শিক্ষাৰ্থী সকলৰ উপস্থিতিত ফিটা কাটি সম্পন্ন কৰা উন্মোচনী পৰ্বৰ পাছতে স্বায়ত্ব শাসিত পৰিষদৰ কাণ্ডাৰী সকলে পৰিষদিয় সমষ্টিটোৰ বকুলগুৰিত ভৈয়াম জনজাতি আৰু অন্যান্য পাছপৰা শ্ৰেণী বিভাগৰ প্ৰায় ২৫ লাখ টকা ব্যয় সাপেক্ষ এটা কমন ফেচিলিটি চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে । শিক্ষক দিৱসৰ দিনাই স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা কাৰ্যকৰী কৰা এনে প্ৰশংসনীয় পদক্ষেপৰ মহাবিদ্যালয়ৰ পৰিয়ালে শলাগ লৈছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram