প্ৰকৃত শিক্ষক হৈছে এগৰাকী যথাৰ্থ শিল্পী, ভাস্কৰ৷ শিক্ষকে বুদ্ধি, প্ৰজ্ঞা আৰু শৈল্পিক মনেৰে সাংগীতিক ৰূপত ছাত্ৰ-ছাত্ৰীৰ বিকাশ ঘটাব পাৰিলে সেয়া হ’ব সুষম শিক্ষা৷ এনেদৰে শিক্ষা প্ৰদান কৰোতে ছাত্ৰ-ছাত্ৰীৰ মনত নিজৰ মাতৃভাষাৰ প্ৰতি শিক্ষকেই স্বাভিমান জগাই তুলিব লাগিব -ড॰ অমলেন্দু চক্ৰৱৰ্তী

0 211

প্ৰকৃত শিক্ষক হৈছে এগৰাকী যথাৰ্থ শিল্পী, ভাস্কৰ৷ শিল্পী, ভাস্কৰে যেনেদৰে এটি শিল্প কাৰ্যত বেয়াখিনি আঁতৰাই সুন্দৰ ৰূপত গঢ়ি তোলে, তেনেদৰে এগৰাকী প্ৰকৃত শিক্ষকেও ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা নেতিবাচক দিশসমূহ উপদেশ, মৰমেৰে শুধৰাই মানুহ ৰূপে গঢ়ি তুলিব পাৰে৷’–আজি কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলা প্ৰশাসন আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত আয়োজিত ৬০তম শিক্ষক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড॰ অমলেন্দু চক্ৰৱৰ্তীয়ে এইদৰে কয়৷
ঋকবেদৰ শ্লোকেৰে নিজৰ ভাষণ আৰম্ভ কৰি বিশিষ্ট শিক্ষাবিদগৰাকীয়ে তেওঁৰ সৰস ভাষণত আৰু কয় যে অন্তৰৰ এন্ধাৰ নাশ কৰি ছাত্ৰ-ছাত্ৰীৰ হৃদয় পোহৰেৰে জ্যোতিৰ্ময় কৰিব পাৰে কেবল শিক্ষকে৷ সকলোৱে জয়ৰ চিন্তা কৰা পৃথিৱীত নিজৰ ল’ৰা-ছোৱালী আৰু ছাত্ৰ-ছাত্ৰীৰ ওচৰত পৰাজয় লাভৰ চিন্তা কৰিব পাৰে কেবল মাক-দেউতাক আৰু শিক্ষকে৷ সেইবাবেই তেওঁলোক নমস্য ব্যক্তি৷ তেওঁলোকে সদায় বিচাৰে তেওঁলোকৰ ল’ৰা-ছোৱালী, ছাত্ৰ-ছাত্ৰী তেওঁলোকতকৈ ওপৰলৈ যাওক৷ শিক্ষকে বুদ্ধি, প্ৰজ্ঞা আৰু শৈল্পিক মনেৰে সাংগীতিক ৰূপত ছাত্ৰ-ছাত্ৰীৰ বিকাশ ঘটাব পাৰিলে সেয়া হৈ পৰে সুষম শিক্ষা৷ এনেদৰে শিক্ষা প্ৰদান কৰোতে ছাত্ৰ-ছাত্ৰীৰ মনত নিজৰ মাতৃভাষাৰ প্ৰতিও শিক্ষকেই স্বাভিমান জগাই তুলিব লাগিব৷ কাৰণ ছাত্ৰ-ছাত্ৰীৰ বাবে আটাইতকৈ বিশ্বাসযোগ্য আৰু জ্ঞানী ব্যক্তিজন হৈছে তেওঁলোকৰ শিক্ষাগুৰু৷ সেয়ে কেৱল তথ্য প্ৰদানেৰে শিক্ষাদান সমাপ্ত নকৰি শিক্ষক সমাজে ছাত্ৰ-ছাত্ৰীৰ মনত এক প্ৰকাৰৰ শ্ৰদ্ধা জগাই তুলিব লাগিব৷ কিয়নো শ্ৰদ্ধাই তেওঁলোকৰ মনত জিজ্ঞাসাৰ জুই জ্বলাব আৰু এই জুয়ে চিন্তাৰ খোৰাক দিব৷ আৰু তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে নিজে নিজে নতুন জ্ঞান ল’বলৈ আগ্ৰহী হৈ উঠিব৷ ইয়াৰ বাবে শিক্ষকসকলে নিজকে আদৰ্শ ব্যক্তি ৰূপে গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰি ড॰ চক্ৰৱৰ্তীয়ে কয় যে শিক্ষকসকলে দিয়া জ্ঞান ছাত্ৰ-ছাত্ৰীৰ মনত সুৰৰ দৰে অনুৰণন হ’বলৈ তেওঁলোকে সদায় প্ৰেমৰ অনুভূতিৰে ‘আমি একেলগে জ্ঞান লও’ ধাৰণাৰে পাঠদান কৰিব লাগিব৷
সভাত সভাপতিত্ব কৰি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে তেওঁৰ ভাষণ প্ৰসংগত সকলোৰে জীৱনত এগৰাকী শিক্ষকৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰে৷ তেওঁ লগতে কোভিড সৃষ্ট পৰিৱেশত প্ৰায় দুবছৰ কাল প্ৰত্যক্ষ শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াৰ পৰা আঁতৰত থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হোৱা এই বিৰতিৰ জোৰা মাৰি পুনৰ পৰিপক্ক কৰি তোলাটো বৰ্তমান সময়ত শিক্ষকসকলৰ বাবে এক বৃহৎ প্ৰত্যাহবান বুলি উল্লেখ কৰে৷ শ্ৰীকাৰ্তিকে আৰু কয় যে এই প্ৰত্যাহ্বানৰ মাজতে বৰ্তমানৰ নতুন শিক্ষা নীতিয়ে অনা আশাব্যঞ্জক দিশসমূহৰ লাভ আদায় কৰি সামগ্ৰিক বিকাশৰ আধাৰ শিক্ষাক উন্নত ৰূপত প্ৰতিষ্ঠিত কৰি ৰাজ্যখনৰ ভিতৰতে কামৰূপক শিক্ষাৰ ক্ষেত্ৰত আদৰ্শ জিলা হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব৷ আজিৰ শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোৱেই ইয়াৰ বাবে সংকল্প লোৱাৰ উত্তম সময় বুলিও তেওঁ উল্লেখ কৰে৷ প্ৰায় সকলো ধৰণৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানেৰে সুশোভিত জিলাখনৰ শৈক্ষিক উত্তৰণৰ বাবে উপস্থিত সকলোকে নিজৰ নিজৰ মতামত দাখিল কৰিবলৈও উপায়ুক্তগৰাকীয়ে আহ্বান জনায় আৰু সেই পৰামৰ্শৰ ভিত্তিত পদক্ষেপ ল’ব বুলিও তেওঁ সভাত আশ্বাস প্ৰদান কৰে৷
সভাত জিলাখনৰ পৰা প্ৰকাশ কৰা শৈক্ষিক ই-আলোচনী ‘গুৰুবাৰ্তা’ৰ তৃতীয় সংখ্যাটি উপায়ুক্ত কাৰ্তিকে উন্মোচন কৰাৰ বিপৰীতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ই-স্মৰণিকা ‘ই-কামৰূপিকা’ উন্মোচন কৰে জিলা শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত মানালী জৈনে৷
সভাত শিক্ষয়িত্ৰী মানসী ডেকা আৰু কামৰূপ সমগ্ৰ শিক্ষাৰ বিষয়াসকলে পৰিৱেশন কৰা সৰস্বতী বন্দনা আৰু সমবেত সংগীত আছিল সভাখনৰ অন্য এক আকৰ্ষণীয় অনুষ্ঠান৷
ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ প্ৰতিচ্চবিত মাল্যাৰ্পণেৰে আৰম্ভ কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই৷ ভাষণ প্ৰসংগত গুৰু বন্দনা আৰু গুৰুক শ্ৰদ্ধা জনোৱাই শিক্ষক দিৱসৰ মূল উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ আৰু কয় যে জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা পালন কৰা শিক্ষাগুৰুসকলে সুকলমে কাম কৰিব পৰাৰ বাতাবৰণ সৃষ্টি কৰাৰ সংকল্প গ্ৰহণৰ বাবে এই পৱিত্ৰ দিনটো উত্তম সময়৷ তেনে পৰিৱেশ গঢ়িব পাৰিলে জিলাখনৰ শিশুসকলক পোহৰৰ বাটলৈ আগুৱাই যোৱাত সহায় কৰি জিলা, ৰাজ্য আৰু সমগ্ৰ পৃথিৱীৰ বৌদ্ধিক উত্তৰণত শিক্ষকসকলে সহায় কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ কয়৷
আজিৰ সভাত গুৱাহাটী আই আই টিৰ অধ্যাপক কে ইউ সাৰাথিয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গুণীন্দ্ৰ দেৱ শৰ্মা, বকো মহাবিদ্যালয়ৰ প্ৰবক্তা ড॰ তপন দত্ত, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰবক্তা তৰণী হালৈ, জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, বিশিষ্ট নাগৰিক আৰু জিলাখনৰ শিক্ষকবৃন্দ উপস্থিত থাকে৷
বিয়লি জিলাখনৰ শিক্ষকসকলৰ মাজত ‘ৰং-বিৰং’ শীৰ্ষক এক ভাৰ্চুৱেল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ উপৰি ভৱিষ্যতে জিলাখনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ সম্পৰ্কত এক আলোচনা চক্ৰৰো আয়োজন কৰা হয়৷
উল্লেখযোগ্য যে ১৯৬২ চনৰ পৰা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি বিশিষ্ট শিক্ষাবিদ ভাৰতৰত্ন ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ জন্ম দিন ৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰি অহা হৈছে৷

Leave A Reply

Your email address will not be published.