ঢকুৱাখনাত শিক্ষক দিৱসত প্ৰবীণ শিক্ষাগুৰুক সম্বৰ্ধনা

0 364

সমগ্ৰ ৰাজ্যখনৰ লগতে ঢকুৱাখনা মহকুমাটো দাৰ্শনিক পণ্ডিত ডঃ সৰ্বেপল্লী  ৰাধাকৃষ্ণণৰ ৬০ সংখ্যক জন্ম দিৱসটো  দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় । অসম ৰাজ্যিক গ্ৰামীণ  জীৱিকা অভিযানৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত  ত্ৰিবেণী মণ্ডল সংগঠনৰ উদ্যোগত  বেবী গ্ৰাম্য সংগঠনৰ সহযোগত  দেওবাৰে  জীয়মৰীয়া  ৰংগমঞ্চত শিক্ষক দিবসটো পালন কৰা হয়। খণ্ডটোৰ অন্তৰ্গত শিঙিয়া , উত্তৰ ঢকুৱাখনা, ধেনুখনা বাটমাৰী  পঞ্চায়তৰ ১৯ টা গ্ৰাম্য সংগঠনক লৈ গঠিত  ত্ৰিবেণী সংগঠনটোৰ উদ্যোগত  আয়োজিত দিৱসৰ  মুকলি সভাৰ সভাপতিত্ব কৰে ত্ৰিবেণী সংগঠনৰ সভানেত্ৰী মনোৰমা কোঁৱৰে। সংগঠনটোৰ  অন্যতম সদস্য নৱনিতা দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা দিৱসত শিক্ষক দিৱসৰ তাৎপৰ্য আৰু এই দিৱস পালনৰ আৱশ্যকতা সন্দৰ্ভত বহু কেইগৰাকী বক্তাই তত্বগধুৰ বক্তব্য ৰাখে।  শিক্ষানুৰাগী ৰাইজ , শিক্ষাৰ্থী আৰু অভিভাৱক আৰু গ্ৰাম্য সংগঠনৰ সদস্য সকল উপস্থিত থকা সভাত  মহকুমাটোৰ শৈক্ষিক ক্ষেত্ৰখনলৈ বৰেণ্য  অৱদান আগবঢ়াই যোৱা  প্ৰবীণ শিক্ষাগুৰু  পৰম শংকৰ দত্ত , বলীন শইকীয়া , আইমণি ভঁৰালী , দেবযানী ৰাজখোৱা,দুৰ্গাৱতী মজুমদাৰক ফুলাম গামোচা , প্ৰশস্তি পত্ৰ  আদিৰে সম্বৰ্ধনা জনোৱা হয়। পৰীমা ভঁৰালীয়ে আঁত ধৰা অনুষ্ঠানত  জ্ঞানজ্যোতি গ্ৰাম্য সংগঠনৰ  মহিলা সদস্য সকলে পৰিবেশন কৰা দিহা নাম আৰু পাৰিজাত গ্ৰাম্য সংগঠনৰ  তৰফৰ পৰা  পৰিবেশন কৰা আধুনিক গীতৰ মূৰ্ছনাই দিবসটো জীপাল কৰি তোলে। তেনেদৰে  ঢকুৱাখনা মহকুমাৰ অগ্ৰণী শিক্ষানুষ্ঠান পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে  শিক্ষক দিৱস পালন কৰা হয়।পুৱা গছ পুলি ৰোপনৰ পাছত দাৰ্শনিক ডঃ ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিত  পুষ্প মাল্য অৰ্পণেৰে শুভাৰম্ভ হোৱা দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে  বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তুলধৰ শৰ্মাই। বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদিকা ননি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা  সভাত  অৱসৰ প্ৰাপ্ত শিক্ষাগুৰু নগেন শৰ্মা , ভোলা চেতিয়া ,গোলোক ফুকন , তুলধৰ শৰ্মা ,দেৱেশ্বৰ দত্ত আদি  মুঠ ১৭ গৰাকী  প্ৰবীণ শিক্ষাব্ৰতী ব্যক্তিক ফুলাম গামোচা , ফুলৰ তুৰাৰে  সম্বৰ্ধনা জনোৱা হয়। প্ৰধান শিক্ষক প্ৰদীপ দত্ত  সহ সমূহ শিক্ষক কৰ্মচাৰী উপস্থিত থকা সভাত যোৱা স্বাধীনতা দিৱসৰ লখিমপুৰ জিলা ভিত্তিত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত তৃতীয় স্থান প্ৰাপক ,বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ  সম্ভাৱনাময় ছাত্ৰ কল্পজিত চেতিয়াক উষ্ণ সম্বৰ্ধনা জনোৱা হয়।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.