ঢকুৱাখনাত বিশুদ্ধ দুগ্ধৰ বিপনী “দুগ্ধম” উদ্বোধন

0 245

ঢকুৱাখনা পৌৰ সভা এলেকাৰ উপভোক্তা ৰাইজক বিশুদ্ধ গাখীৰ আৰু গাখীৰজাত সামগ্ৰী যোগান ধৰাৰ উদ্দেশ্যেৰে দেওবাৰে ঢকুৱাখনা নগৰত শুভ উদ্বোধন কৰা হয় এটা দুগ্ধ বিপনী কেন্দ্ৰ। ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয় চৌহদত স্থাপিত এই কেন্দ্ৰটো উদ্বোধন কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেয়ে।ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসা বিষয়া ডাঃ ৰূপম গগৈৰ বিগত প্ৰায় ৫ বছৰীয়া নিৰন্তৰ প্ৰয়াস আৰু চাৰিকড়িয়া দুগ্ধ উৎপাদন সমবায় সমিতিৰ নিৰবিছিন্ন প্ৰচেষ্টাৰ অন্তত অৱশেষত দেওবাৰে মুকলি হোৱা এই বিপনী কেন্দ্ৰটো উদ্বোধনী অনুষ্ঠানত ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা,পৌৰপতি ৰাজীৱ দাস,সকলো পৌৰ আয়ুক্তৰ উপস্থিতিত পৌৰ সভাত নিজা পুঁজি প্ৰায় ১ লাখ ৬০ হাজাৰ টকাৰে নিৰ্মিত কেন্দ্ৰটোৰ ফিটা কাটি শুভ উদ্বোধন কৰি পৰৱৰ্তী সময়ত অনুষ্ঠিত এখন সভাত বিধায়ক দলেয়ে গ্ৰাম্য অৰ্থনীতি সবল কৰাত এনে কেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি কৈ ঢকুৱাখনাৰ বিশুদ্ধ গাখীৰৰ এটা ব্ৰেণ্ড নে’ম প্ৰস্তুত কৰি বিশুদ্ধ গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী গ্ৰাহকক যোগান ধৰাৰ আহ্বান জনায়।
ঢকুৱাখনাৰ মুঠ ২৭ গৰাকী দুগ্ধ উৎপাদকক একত্ৰিত কৰি গঠিত চাৰিকড়িয়া দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ সভাপতি যুগল কুমাৰ দত্ত,সম্পাদক পংকজ চেতিয়া আৰু অন্যান্য উৎপাদক সকল উপস্থিত থকা অনুষ্ঠানত দৈনিক নূন্যতম ২০০ লিটাৰ বিশুদ্ধ গাখীৰ উৎপাদন কৰি এই বিপনী কেন্দ্ৰটোত নিৰ্ধাৰিত সময় সূচী অনুসৰি বিক্ৰী কৰা হ’ব বুলি জানিবলৈ দিলে উদ্যোগী যুৱক,সমবায় সমিতিৰ সম্পাদক পংকজ চেতিয়াই। ইয়াৰোপৰি দৈনিক পুৱা ৮ বজাৰ পৰা ১০ বজালৈ আৰু বিয়লি ৫ বজাৰ পৰা ৮ বজালৈ এই কেন্দ্ৰটোত বিশুদ্ধ গাখীৰ আৰু গাখীৰ জাত সামগ্ৰী পনীৰ ,দৈ, ঘিউ, ক্ৰীম আদি বিক্ৰী কৰা হ’ব বুলি জনালে। গ্ৰাম্য দুগ্ধ উৎপাদক সকলৰ উৎপাদিত দুগ্ধৰ উচিত বজাৰ মূল্য আদায় দি  গ্ৰাম্য অৰ্থনীতি সবলীকৰণ কৰি মধ্যভোগী ব্যৱস্থাৰ অৱসান ঘটাই গ্ৰাহকক বিশুদ্ধ গাখীৰেৰে সন্তুষ্টি দিয়াৰ লক্ষ্যৰে স্থাপিত এই কেন্দ্রতোত গ্ৰাম্য দুগ্ধ উৎপাদক সকলে সমবায় সমিতিৰ সদস্য হৈ  নিজৰ উৎপাদিত গাখীৰ এই কেন্দ্ৰটোত বিক্ৰী কৰি উচিত বজাৰ মূল্য লাভ কৰিব পাৰিব। কেন্দ্ৰটোলৈ বিক্ৰীৰ বাবে অনা গাখীৰ পশু চিকিৎসা বিষয়াই বিশুদ্ধতাৰ পৰীক্ষা কৰাৰ পাছত প্ৰমাণ পত্ৰ দিয়াৰ পৰৱৰ্তী সময়তহে গ্ৰাহকৰ বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হব বুলি পশু চিকিৎসা বিষয়া ডাঃ ৰূপম গগৈয়ে জানিবলৈ দিলে। ঢকুৱাখনাৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত ,জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা,ৰাজ্যিক বিজেপিৰ সদস্য বসন্ত শইকীয়াকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক নাগৰিক উপস্থিত থাকে এই উদ্বোধনী অনুষ্ঠানত।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.