ঢকুৱাখনাত সাংসদ প্ৰদান বৰুৱাৰ ব্যতিক্ৰমী পদক্ষেপ- মিনি ফিছ ফিড মিলৰ আধাৰশিলা স্থাপন

0 331

আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰামত চৰকাৰমুখী অথবা পৰমুখাপেশী ধ্যান ধাৰণা পৰিহাৰ কৰি সঞ্চিত নূন্যতম পুঁজিৰ সদ ব্যৱহাৰেৰে ,শ্ৰম কৰি আত্মনির্ভৰশীলতাৰ দৃষ্টান্ত দেখুওৱা  ঢকুৱাখনা মহকুমাৰ শ্ৰমজীৱীৰ কাষত উপস্থিত হৈ মনৰ বতৰা ল’লে  লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। এই ব্যতিক্ৰমী আৰু প্ৰশংসনীয় কৰ্মসূচী  লৈ সোমবাৰে পুৱা ৮-৩০ বজাত  ঢকুৱাখনাত উপস্থিত হয়  সাংসদ বৰুৱা।  ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে, ঢকুৱাখনা পৌৰ সভাৰ পৌৰ পতি ৰাজীৱ দাস , জিলা জনজাতি মৰ্চাৰ সভাপতি বীৰেন পেগু , প্ৰধান মন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জিলা সদস্য শৰৎ মৰাং আদিৰ সৈতে সাংসদ গৰাকীয়ে গৈ প্ৰথমে উপস্থিত হয় পূব ঢকুৱাখনা পঞ্চায়তৰ অভয়পুৰ গাঁওৰ কৰ্মোদ্যমী ব্যক্তি টুনিৰাম পেগুৰ ঘৰত ।  প্ৰথম অবস্থাত মাত্ৰ দুটা গাহৰিৰে গাহৰি পালনৰ ক্ষেত্ৰ খনত খোজ দিয়া পেগুৱে সম্প্ৰতি প্ৰায় ৮০ টা গাহৰি পালন কৰি ব্যৱসায়িক ভাৱে প্ৰভূত সফলতা অৰ্জন কৰিছে ।নিজে গাহৰিৰ খাদ্যৰ বাবে গুমধান খেতি কৰি  স্বাৱলম্বী হোৱা পেগুৰ পৰিকল্পিত ফাৰ্ম খন পৰিদর্শন কৰি মত বিনিময় কৰে সাংসদ জনে।ইয়াৰ পাছত প্ৰায় ৬ বিঘা  আৱাদী মাটিত নেমু ,পান ,কণ জলকীয়া  আদি সমন্বিত খেতিৰে আত্মনির্ভৰশীলতাৰ সমুজ্জ্বল দৃষ্টান্ত দেখুওৱা ভলুকাগুৰি গাঁওৰ উদ্যমী যুৱক  অৰুণ কলিতাৰ নেমু বাগানলৈ গৈ কৃষক জনৰ অভাৱ সমস্যাৰ বুজ লয় বৰুৱাই। খেতি মাটিৰ শ্ৰেণীৰ জটিলতাৰ বাবে চৰকাৰী আঁচনিৰ লাভৰ পৰা বঞ্চিত হৈয়ো  একক বজাৰ দখল কৰিবলৈ সক্ষম হোৱা কলিতাৰ ভূমি সংক্ৰান্তীয় জটিলতা দূৰীকৰণৰ  আশ্বাস দিয়ে সাংসদ বৰুৱাই। পৰৱৰ্তী সময়ত  নিজা এখন বিশাল চুমনিত জেঠুৱা মুগা পালন কৰি মুঠ ৬২ খন (৬২ হাজাৰ) মুগা উৎপাদন কৰি প্ৰচুৰ ভাবে লাভান্বিত হোৱা ঢকুৱাখনা বালি গাওঁৰ  অমিত বৰাৰ চুমনিত উপস্থিত হৈ সাংসদ গৰাকীয়ে ৰেচম পালক জনৰ সতে মত বিনিময় কৰে। ইয়াৰোপৰি প্ৰাত্যহিক  ব্যস্ততাৰ মাজত থাকিও গুণগত ঘৰুৱা শিক্ষা দানৰ আলোকেৰে শত সহস্ৰ শিক্ষাৰ্থীক আলোকিত কৰি উৎকৃষ্ট মানৱ সম্পদ গঢ় দিয়াত বৰেণ্য অৱদান আগবঢ়াই অহা  ঢকুৱাখনা নগৰৰ নৱ কাঠৰবাৰী অঞ্চলৰ শিক্ষক শোভন গগৈৰ গৃহটো উপস্থিত হৈ  ঘৰুৱা শিক্ষা আৰু  চৰকাৰী শিক্ষা ব্যৱস্থাৰ মাজত তুলনামূলক  মত বিনিময় কৰে  সাংসদ গৰাকীয়ে। লগতে সাংসদ বৰুৱাই ঢকুৱাখনাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আগবঢ়াই এনে  শৈক্ষিক আৰু বৌদ্ধিক অৱদানৰ শলাগ লয় । উল্লেখ্য যে সাংসদ গৰাকীয়ে  প্ৰথমে ঢকুৱাখনা নগৰৰ ১নং ৱাৰ্ডৰ শিমলুগুৰি খলিহামাৰী অঞ্চলত উপস্থিত হৈ প্ৰধান মন্ত্ৰী মৎস্য সম্পদ যোজনা- ২০২১-২০২২ৰ অধীনত  মাছৰ খাদ্য প্ৰস্তত কৰা  এটা “মিনি ফিছ ফিড মিল”ৰো আধাৰশিলা স্থাপন কৰে । পি এম এম এছ ৱাইৰ লখিমপুৰ  জিলা নডেল অফিচাৰ তথা মীন উন্নয়ন  বিষয়া  বৰ্ষাৰাণী চেতিয়া , মনদীপ চেতিয়া ,অজয় চুতীয়া , মীন পৰিদর্শক বিশ্বজিত লালুং , ঋতম প্ৰীতম দাস , উদ্যোগী যুৱক গণেশ লাগাচু আদিৰ লগতে বহু সংখ্যক ৰাইজৰ উপস্থিতিত প্ৰায় ৩০ লাখ টকা ব্যয় সাপেক্ষ মাছৰ খাদ্য উৎপাদন প্ৰকল্পটোৰ ফিটা কাটি আধাৰশিলা স্থাপন কৰে সাংসদ বৰুৱাই। প্ৰায় ১২ লাখ টকা চৰকাৰী ৰাজ সাহায্য আৰু ১৮ লাখ টকা হিতাধিকাৰীৰ অৱদানেৰে বিজ্ঞান সন্মত ভাবে মাছৰ খাদ্য প্ৰস্তুত কৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি সাংসদ বৰুৱাই চৰকাৰী পুঁজি আৱন্তনলৈ অপেক্ষা নকৰি  নিজা পুঁজিৰে আন্তঃগাঁথনি নিৰ্মানৰ কাম আৰম্ভ কৰি দিয়াৰ আহ্বান জনায়   স্বনিয়োজনৰ সেন্দুৰীয়া পথত অগ্ৰসৰ হবলৈ নিৰন্তৰ চেষ্টা আৰু কষ্ট কৰিবই লাগিব বুলি কয় বৰুৱাই  ।
    চৰকাৰী সাহায্যলৈ বাট নাচায় নিজৰ শ্ৰম আৰু সঞ্চিত পুঁজিৰে হাতে কামে লাগি এনে ঈর্ষণীয় আৰু আশাব্যঞ্জক সফলতা অৰ্জন কৰা চহা সকলৰ চিন্তা চেতনাৰ শলাগ লয় সাংসদ গৰাকীয়ে। এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ সতেও বার্তালাপ কৰি প্ৰয়োজনীয় চৰকাৰী সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে সাংসদ বৰুৱাই।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.