ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ উত্তৰ ঢকুৱাখনা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনলৈ বিগত ৬ দশক ধৰি উৎকৃষ্ট মানৱ সম্পদ গঢ়াত অমূল্য বিদ্যায়তনিক সেৱা আগবঢ়াই অহা তিনিগৰাকী নমস্য শিক্ষাগুৰুক মঙ্গলবাৰে অবসৰী বিদায় সম্বৰ্ধনা জনোৱা হয়। ঢকুৱাখনা মহকুমাটোৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম বাটকটীয়া উচ্চ শিক্ষানুষ্ঠান উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ জামুগুৰি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ তিনিগৰাকী শিক্ষাগুৰুক সমূহীয়া ভাবে বিদ্যালয় পৰিয়ালে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। ১৯৬৭ চনতে প্ৰতিষ্ঠা হোৱা উচ্চ শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰা দেৱেন গগৈ , সহকাৰী প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰা ৰেখা মাই বৰা আৰু সহকাৰী শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰা কুসুম কুমাৰ গগৈক অনুষ্ঠানিক ভাবে বিদ্যালয় পৰিয়ালে বিদায় সম্বৰ্ধনা জনাই দীৰ্ঘায়ু কামনা কৰে। শিক্ষানুষ্ঠানখনৰ সমূহ শিক্ষক শিক্ষাৰ্থী , অভিভাৱক , শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা বিদ্যালয় প্ৰাংগণত আয়োজিত বিদায় সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যাদৱ গগৈয়ে । বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বৃহত্তৰ অঞ্চলটোৰ বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ হেতু সুদীর্ঘ কাল আত্মনিয়োগ কৰি যোৱা তিনিগৰাকী শিক্ষাগুৰুৰ অমূল্য অৱদানৰ সশ্ৰদ্ধ স্মৰণ কৰি বক্তব্য আগবঢ়াই শিক্ষানুৰাগী ব্যক্তি ধৰণী সন্দিকৈ, গোপাল গগৈ যোগানন্দ দুৱৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য গীতাঞ্জলি চেতিয়া আদিয়ে । ছাত্ৰী বীণা হিলৈদাৰীৰ সৃষ্টিমূলক নৃত্যই জীপাল কৰি তোলা সভাত বিদায়ী শিক্ষাগুৰু প্ৰধান শিক্ষক দেৱেন গগৈ , ৰেখামাই বৰা , কুসুম কুমাৰ গগৈক সঁফুৰা , গামোচা, চেলেং চাদৰ আদিৰে উষ্ণ সম্বৰ্ধনা জনাই অনাগত সময়তো বিদ্যালয়খনৰ পৰিয়ালৰ এগৰাকী সক্ৰিয় সদস্যৰ দৰে নিৰবিছিন্ন সেৱা আগবঢ়াই যোৱাৰ আশা ব্যক্ত কৰে । সভাত বিদায়ী শিক্ষাগুৰু সকলেও অভিজ্ঞতাপুষ্ট মন্তব্য আগবঢ়াই বিদ্যালয়খনৰ সমুজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু শিক্ষাৰ্থী সকলকো একাগ্ৰতাৰে অধ্যয়নপুষ্ট হৈ বিদ্যালয়ৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ আহ্বান জনায় । অৱসৰপ্ৰাপ্ত শিক্ষক সকলে বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অনাগত সময়ত একোগৰাকী উৎকৃষ্ট মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তুলি ভৱিষ্যতে সমাজ আৰু দেশলৈ অতুলনীয় আৰু নিষ্ঠাবান সেৱা আগবঢ়োৱাত ব্ৰতী হোৱাৰ আহ্বান জনায়। বাতৰি যুগুতালে অমৃত পৱন বৰাই।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls