হাৰ্হি মহাবিদ্যালয় শাখা সমিতি গঠন

0 283

মিচিং জাতীয় ছাত্ৰ সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা( টি এম পি কে)ৰ  অন্তৰ্গত ঢকুৱাখনা নগৰ সমিতিৰ উদ্যোগত ছাত্ৰ সংগঠনটোৰ  সংগঠণিক ভেঁটি সুদৃঢ়কৰণ অভিযানৰ অংশ হিচাবে মঙ্গলবাৰে এখন সংগঠনিক সভা অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা জিলা সমিতিৰ সহযোগিতাত পশ্চিম মাছখোৱা অঞ্চলৰ হাৰ্হি মহাবিদ্যালয়ত  অনুষ্ঠিত এই সংগঠনিক সভাত উপস্থিত থাকে   কেন্দ্ৰীয়  আৰু জিলা পৰ্য্যায়ৰ বহু কেইগৰাকী নেতৃত্ব।  সদৌ মিচিং ছাত্ৰ সন্থাৰ ঢকুৱাখনা জিলা সমিতিৰ শিক্ষা সম্পাদক খৰ্গেশ্বৰ দলে ,  সাংস্কৃতিক সম্পাদক শ‍্যাম পাতিৰ ,  সহকাৰী সম্পাদক ৰাজ কিৰন পেগু ,  সদস্যা চয়নিকা কমান , ঢকুৱাখনা টাউন সমিতিৰ সভাপতি অনিল দলে , উপ সভাপতি  ভৱজিত পেগু , সম্পাদক দুলুমণি টাইদ , সহকাৰী সম্পাদক ভাইকন নৰহ আদিয়ে  অংশ গ্ৰহণ কৰা সভাত  হাৰ্হি মহাবিদ্যালয়ত  মিচিং ছাত্ৰ সন্থাৰ শাখা গঠন কৰা হয় ।  সভাত কেন্দ্ৰীয় আৰু জিলা পৰ্য্যায়ৰ পৰ্যবেশকৰ উপস্থিতিত  উত্তম ময়ংক সভাপতি আৰু মানৱ পেগুক সাধাৰণ সম্পাদক , স্বৰ্নলতা পেগু , ৰাজা পেগু ,বিনোদ মিলিক সহকাৰী সম্পাদক , বিদ্যশ্বৰ পেগুক শিক্ষা সম্পাদক ,নিতুমণি পেগু ,উদয় কৃষ্ণ পেগুক সাংস্কৃতিক সম্পাদক ,থানেশ্বৰ দলেক সাহিত্য সম্পাদক হিচাপে লৈ এখন শক্তিশালী শাখা সমিতি গঠন কৰা হয় । নবগঠিত শাখা সমিতিখনে অনাগত কাৰ্যকালত ছাত্ৰ সংগঠনটোৰ লক্ষ্য উদ্দেশ্যৰ কাৰ্যকৰীকৰণ যথোচিত গুৰুত্ব প্ৰদান কৰিব বুলি  সংকল্প গ্ৰহণ কৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.