ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ উদ্যোগত  প্ৰভাত ফেৰী

0 291

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ৭৬ সংখ্যক স্বাধীনতা দিৱসটো সাৰ্বজনীন ভাৱে উদযাপনৰ আহ্বানেৰে বৃহস্পতি বাৰে এক সজাগতামূলক প্ৰভাত ফেৰী উলিওৱা হয় ঢকুৱাখনাত।  ১৮৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা ঢকুৱাখনাৰ ঐতিহ্য বহনকাৰী ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ সহযোগিতাত পুৱা ৯-৩০ বজাত বিদ্যালয় প্রাংগনৰ পৰা উলিওৱা হয় এই প্ৰভাত ফেৰী। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোঁচৰ নেতৃত্বত আৰু  শিক্ষক সকলৰ সহযোগত বিদ্যালয়খনৰ শতাধিক শিক্ষাৰ্থীয়ে হাতে হাতে  জাতীয় পতাকা লৈ  ঘৰে ঘৰে  জাতীয় পতাকা উত্তোলন কৰক , জাতীয় পতাকা আমাৰ গৌৰৱ ,  ঘৰে ঘৰে পতাকা উত্তোলন কৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰক , আমাৰ দেশ মহান আদি বিভিন্ন শ্লোগান দি ঢকুৱাখনা নগৰ চাৰিআলি পৰিভ্রমন কৰি পুনৰ বিদ্যালয় প্ৰাংগণত উপস্থিত হয়। পাছত মহোৎসৱ সতে সংগতি ৰাখি বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত শিক্ষাৰ্থী সকলৰ মাজত দেশপ্ৰেম মূলক গীত , সৃষ্টিমূলক নৃত্য ,জাতীয় পতাকা অংকন প্ৰতিযোগিতাকে ধৰি  বিভিন্ন সাহিত্য  আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.