নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰভাত ফেৰী কাৰ্যসূচী সম্পন্ন

0 228

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি শোণিতপুৰৰ চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ( পূৰ্বৰ চাৰিদু্ৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ) উদ্যোগত আৰু চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ সহযোগত এক প্ৰভাত ফেৰী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী,চি আৰ পি এফৰ বিষয়া ,জোৱানসকলে হাতে-হাতে দেশৰ ত্ৰিৰংগ পতাকা লৈ বিদ্যালয় প্ৰাংগণৰপৰা চাৰিদুৱাৰ পথ হৈ এম ই এছ পৰ্যন্ত এক বিশাল ত্ৰিৰংগা শোভাযাত্ৰা উলিয়ায়।শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে ভাৰত মাতা কি জয়,বন্দে মাতৰম আদি বিভিন্ন শ্লোগান দিয়ে।

Leave A Reply

Your email address will not be published.