ঢকুৱাখনাত কংগ্ৰেছৰ ভাৰত একত্ৰীকৰণ পদযাত্ৰা

0 418

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰমা গৌৰৱোজ্জ্বল  মাহেন্দ্ৰখনৰ সতে সংগতি ৰাখি বৃহস্পতি বাৰে ঢকুৱাখনা ব্লক কংগ্ৰেছ আৰু ঘিলামৰা ব্লক কংগ্ৰেছ সমিতিৰ যৌথ উদ্যোগত  এক পদ যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়।  অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে ,  প্ৰদেশ কংগ্ৰেছৰ সদস্য মুকুল গগৈ ,লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন বৰা ,উপ সভাপতি গুণ গগৈ , পদ্মেশ্বৰ পামেগাম ,সাধাৰণ সম্পাদক (প্ৰশাসন) গংগা জ্যোতি তায়েগাম , উত্তম ফুকন , 
জিলা  কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা মণিকা পাতিৰ ,ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া ,ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া  আদিৰ নেতৃত্বত ঢকুৱাখনা ৰাজীৱ ভৱনৰ পৰা স্বাধীনতাৰ  ৭৫ বৰ্ষ পূৰ্তি উপলক্ষত গৌৰৱময়  পদযাত্ৰা শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ হয়। দুয়োখন ব্লক সমিতিৰ অন্তৰ্গত যুৱ কংগ্ৰেছ ,মহিলা কংগ্ৰেছ ,এন এছ ইউ আই ,সেৱা দল আদি বিভিন্ন শাখাৰ শতাধিক কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰা পদযাত্ৰাত পদযাত্ৰাকাৰী  সকলে ঢকুৱাখনা নগৰাঞ্চলৰ ৰাজপথেৰে   বৃহত্তৰ এলেকা পৰিভ্ৰমণ কৰি  ঐক্য , সম্প্ৰীতি  ভাতৃত্ববোধ সম্পন্ন  আৰু শান্তিপূৰ্ণ  ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ৰাজহুৱা আহ্বান জনায়। হাতে হাতে তিনি বৰণীয়া জাতিয় পতাকালৈ প্ৰখৰ ৰদকো উপেক্ষা কৰি দেশভক্তি মূলক গীত আৰু বাণী প্ৰচাৰ , শ্লোগান দি  ৰাজীৱ ভৱনৰ পৰা দুপৰীয়া ১০-৩৫ বজাত আৰম্ভ হোৱা এই পদযাত্ৰাত ব্লক মহিলা  কংগ্ৰেছ নেত্ৰী কুসুম বৰুৱা , ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক হেমন্ত বৰুৱা , শৰৎ পাতিৰ , যুৱ কংগ্ৰেছৰ বিষয়ববীয়া অনুপ বৰুৱা , দেৱজিত হাজৰিকা , ইউথ বিগ্ৰেদৰ সভাপতি ৰমেন দাস , মহিলা নেত্ৰী ইনামনি বৰুৱা  আদি গৰিষ্ঠ সংখ্যক নেতৃত্বই অংশগ্ৰহণ কৰে ।পদযাত্ৰাৰ অন্তত ৰাজীৱ ভৱন প্ৰাংগণত এই পদযাত্ৰা কাৰ্যসূচীৰ সন্দৰ্ভত  এখন দলীয় সভা অনুষ্ঠিত হয় । সভাত জিলা কংগ্ৰেছৰ  সভাপতি গগন বৰা , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পদ্মলোচন দলে  আদিয়ে বক্তব্য আগবঢ়ায়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.