পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ আজাৰা গাঁও পঞ্চায়তৰ অধীনত কেন্দ্ৰীয় আঁচনিৰ অনুদানৰে পঞ্চায়ত এলেকাত পঞ্চায়ত সভানেত্ৰী কবিতা বড়ো ৰংপীৰ তৎপৰতাত ৰাইজৰ সুবিধাৰ বাবে ৰাজহুৱা শৌচাগাৰ আৰু সভা – সমিতি বা ৰাজহুৱা কাম- কাজৰ বিয়য়ে আলোচনা কৰাৰ বাবে ঠায়ে ঠায়ে সামূহিক গৃহ নিৰ্মাণ কৰি অহা হৈছে । তেনেদৰে নিৰ্মাণ কৰা দুটা শৌচাগাৰ আৰু দুটা সামূহিক গৃহ ১০ আগষ্টত ৰাইজৰ ব্যৱহাৰৰ বাবে উদ্ধোধন কৰা হয় । ৬ লাখ টকা ব্যয়ৰে ৰাজহুৱা শৌচাগাৰ দুটা নিৰ্মাণ কৰা হৈছে দীপৰ বিলৰ পাৰৰ ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোহাঁই শিৱ মন্দিৰ আৰু দেউছটাল নবজ্যোতি সংঘৰ চৌহদত । তেনেদৰে ২০ লাখ টকা ব্যয়ৰে সামূহিক গৃহৰ এটা দেউছটালত আৰু আনটো আজাৰাৰ ওজাপাৰাত নিৰ্মাণ কৰা হৈছে ।আনহাতে শৌচাগাৰ আৰু সামূহিক গৃহ কেইটা উদ্ধোধন কৰে আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে ।এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত আজাৰা গাঁও পঞ্চায়তৰ সদস্য হীৰেণ ইংতি, উমেশ দাস , পংকজ দাস ,এক্ৰিটডেড অভিযন্তা গণেশ দাস , কনিষ্ঠ অভিযন্তা মণিকা ৰাজকোঁৱৰ , সচিব মৃদুল কুমাৰ দাস ,তীৰ্থ মেধিকে ধৰি কেবাজনো বিশিষ্ট লোক ,সমাজকর্মী উপস্থিত থাকে ।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ