ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰহ্লাদ গোঁহাই স্মাৰক তৰ্ক প্ৰতিযোগিতা- হৰ্ষজিৎ সিঙে আজুৰিলে শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান

0 247

উত্তৰ অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাধ্যক্ষ,বিশিষ্ট শিক্ষাবিদ প্ৰহ্লাদ গোঁহাইৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি মহাবিদ্যালয় পৰিয়ালে অনুষ্ঠিত কৰি আহিছে স্মাৰক তৰ্ক প্ৰতিযোগিতা।  বিগত ৩৫ বছৰীয়া ধাৰাবাহিকতা অক্ষুন্ন ৰাখি  মহাবিদ্যালয় পৰিয়ালে সোমবাৰে আয়োজন কৰে ৩৬ সংখ্যক আন্তঃমহাবিদ্যালয় স্মাৰক তৰ্ক প্ৰতিযোগিতা।এক ৰাষ্ট্ৰ আৰু এক নিৰ্বাচন নীতিয়ে ভাৰত বর্ষৰ ঐক্য সংহতি আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব” শীর্ষক তৰ্ক প্ৰতিযোগিতাত ৰাজ্যখনৰ মুঠ ১৫ টা দলৰ ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।এই মনোজ্ঞ তৰ্ক প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয় উত্তৰ লখিমপুৰ স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ দলৰ হৰ্ষ সিঙে।শ্ৰেষ্ঠ দলৰ খিতাপ অর্জন কৰে নৰ্থ লখিমপুৰ স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ দলে।দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অর্জন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলে । প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয় মাজুলীৰ ৰঙাছাঁহী মহাবিদ্যালয়ৰ ভাগ্যজিৎ দত্ত আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কস্তুৰী বিপুলে।ঢকুৱাখনা মহাবিদ্যালয়ৰ তৰ্ক আৰু আলোচনা শাখাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই স্মাৰক প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয় প্ৰয়াত শিক্ষাবিদ গৰাকীৰ স্মৃতি সৌধ আৰু প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প মাল্য অৰ্পনেৰে। এই কাৰ্যসূচী সম্পন্ন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কোচ ,প্ৰয়াত শিক্ষাবিদ গৰাকীৰ পুত্ৰ হেৰম্ব বৰগোঁহাই,বোৱাৰী অনিমা গগৈ বুঢ়াগোহাঁই আৰু নাতি অহিৰণ বুঢ়াগোহাঁইয়ে।মহাবিদ্যালয়ৰ শীৰ্ষ সংগীত “আমি অজ্ঞানৰ আন্ধাৰ বিনাশো” শীর্ষক বৃন্দগানেৰে শুভাৰম্ভ হোৱা প্ৰতিযোগিতাৰ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে।অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক অমিয় কুমাৰ সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিতসতৰ্ক প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে আৰ্য মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ পংকজ জ্যোতি গগৈ ,প্ৰাক্তন তাৰ্কিক নিকু দুৱৰা আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ জনসংযোগ বিষয়া গৌৰী প্ৰসাদ শৰ্মা।
জুৰী সদস্য হিচাবে ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ পাৰ্থপ্ৰতীম বৰঠাকুৰ, জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক  গুণকৃষ্ণ কোঁচ আৰু বৰদলনি জুনিয়ৰ কলেজৰ প্ৰবক্তা দীপাংকৰ দত্ত উপস্থিত থাকে।বিষয়বস্তুৰ ওপৰত অধ্যয়নপুষ্ট আৰু গৱেষণালব্ধ মতামত দাঙি ধৰি  দলগত আৰু ব্যক্তিগত শ্ৰেষ্ঠত্বৰ খিতাপ অর্জন কৰা প্ৰতিযোগী দলক নগদ ধন ,মানপত্ৰ আৰু স্মাৰক বঁটাৰে সন্মানিত কৰা হয় ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.