কলাক্ষেত্ৰত “মহানায়ক লাচিত” নাটকৰ উদ্বোধনী অনুষ্ঠানত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস- দুৰ্ঘটনামুক্ত যাতায়াতৰ বাবে সকলো শ্ৰেণীৰ লোককে যান-বাহন আইন মানি চলাৰ আহ্বান

0 129


শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠান পঞ্চসুৰৰ উদ্যোগত দেওবাৰে নিশা সফলতাৰে মঞ্চস্থ হয় “মহানায়ক লাচিত।” নাটকখনৰ উদ্বোধনী অনুষ্ঠানত অন্যতম এগৰাকী উদ্বোধক হিচাপে উপস্থিত থাকি সমাজৰ সকলো শ্ৰেণীৰ লোককে পথেৰে চলাচল কৰোতে যানবাহন আইন মানি চলিবলৈ আহ্বান জনায় ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে । বিশিষ্ট অভিনেত্ৰী চেতনা দাস, শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, শিক্ষা বিষয়া দীপিকা দেৱী, শিল্পী ৰঞ্জিত গগৈ আদি ব্যক্তিসকলো উদ্বোধক হিচাপে উপস্থিত থকা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে বীৰ লাচিতৰ অপৰিসীম ত্যাগ,বীৰত্ব আৰু দেশপ্ৰেমৰ চানেকি সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ পিছতে ৰাজপথত পথ-সুৰক্ষা সজাগতা বজাই ৰখাৰ বাবে সকলো শ্ৰেণীৰ লোককে স্বতঃস্ফূৰ্তভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। পথচাৰী, যানবাহন ব্যবহাৰকাৰীকে ধৰি সকলো শ্ৰেণীৰ লোকৰ আন্তৰিক সজাগতা, সহযোগিতাতহে ৰাজপথত দুৰ্ঘটনামুক্ত যাতায়ত ব্যৱস্থা গঢ়ি তোলাতো সম্ভৱ বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে নাটকৰ মঞ্চ উদ্বোধনৰ প্ৰাকমুহূৰ্তত কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত পথ-সুৰক্ষা সজাগতামূলক এক মুকাভিনয় অনুষ্ঠানো পৰিবেশন কৰা হয়। শিল্পী মিনাঙ্ক ডেকাৰ পৰিচালনাত “নিৰ্বাক”ৰ শিল্পীসকলে দুচকীয়া বাহনৰ চালক-আৰোহীয়ে হেলমেট, চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট পৰিধান কৰাটো নিশ্চিত কৰা, নিচাযুক্ত দ্ৰব্য সেৱন কৰি যাতে কোনেও গাড়ী নচলায়, সকলোৱে যাতে নিয়ন্ত্ৰিত গতিতহে গাড়ী চলাই আৰু গাড়ী চলাওঁতে কোনেও যাতে মোবাইল ফোন ব্যৱহাৰ নকৰে আদি গুৰুত্বপূৰ্ণ নীতি-নিয়মসমূহ মানি চলাৰ আহ্বানেৰে মুকাভিনয় পৰিবেশন কৰে।

Leave A Reply

Your email address will not be published.