তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত ঔষধ বিতৰণ

0 397

নগাঁও জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত আজি দুখীয়া লোকৰ মাজত বিনামূলীয়া ঔষধ বিতৰণৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়।জানিব পৰা মতে তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ হাৰুন আহমেদৰ প্ৰচেষ্টাত নগাঁও জিলা পশ্চিমাঞ্চল ধিং গাঁও,শিমলুআটি, সোনইৱেৰা আদি গাঁৱত শতাধিক দুখীয়া লোকৰৰ মাজত এই ঔষধ বিতৰণ কৰে।
 
 
ধিংস্থিত তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ কাৰ্য্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত স্থানীয় লোকৰ মাজত ক’ৰণা ভাইৰাছৰ সজাগতাৰ এক কাৰ্য্যসূচী অনুষ্ঠিত হয়।অনুষ্ঠানটিত উপস্থিত থাকি তাকিয়া পাব্লিক সভাপতি মিজানুল ইছলামে সমূহ ৰাইজক প্ৰদূষণ মুক্ত দেৱালী উদযাপন কৰাৰ আহ্বান জনায়।অনুষ্ঠানত ফাউণ্ডেশ্যনৰ সম্পাদক মাহমুদুৰ ৰহমান,সদস্য আমিনুল ইছলামকে আদি কৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.