তামুলপুৰৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ সভাকক্ষত আজি জিলা স্বাস্থ্য সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাখনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কোকৰাঝাৰৰ মাননীয় সচিব অনছুলা বসুমতাৰীয়ে সভাপতিত্ব কৰে। সভাত স্বাস্থ্য সেৱা প্ৰশাসনৰ কেবাগৰাকীও বিষয়া উপস্থিত থাকে। ইয়াৰ ভিতৰত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, উপ-অধীক্ষকসকল, জিলা মেলেৰিয়া বিষয়া, জিলা যক্ষ্মা বিষয়া, জিলা টিকাকৰণ বিষয়াৰ লগতে জিলা আৰু খণ্ড পৰ্যায়ৰ কাৰ্যসূচী ব্যৱস্থাপনা গোট (DPMU আৰু BPMU)-ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত ভাষণ প্ৰদান কৰি বিটিচিৰ সচিবগৰাকীয়ে অঞ্চলটোত স্বাস্থ্যসেৱা অধিক ফলপ্ৰসূভাৱে প্ৰদান কৰাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাসমূহ চিনাক্ত কৰি সেইসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্বাস্থ্য সেৱাৰ মান উন্নত কৰাৰ লগতে জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা অধিক সুলভ আৰু ফলপ্ৰসূ কৰি তোলাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক সমন্বিতভাৱে কাম কৰিবলৈ আহ্বান জনায়। শেষত শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি ঘোষণা কৰা হয়।
Trending
- তামুলপুৰত জিলা স্বাস্থ্য সমিতিৰ সভা
- এয়াৰটেলে এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি