আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত শিবিৰৰ সফল সামৰণি পৰে। আয়োগৰ সদস্যসকলে নাবালকৰ ন্যায়, শিশুৰ শিক্ষা, শিশুৰ যৌন নিৰ্যাতন, শিশু শ্ৰমিক, বাল্য বিবাহ, শিশুৰ স্বাস্থ্য, শিশুৰ মানসিক স্বাস্থ্য আদিৰ ওজৰ-আপত্তিসমূহ অভিভাৱকসকলৰ পৰা গ্ৰহণ কৰে। আজিৰ শিবিৰৰ মুখ্য আকৰ্ষণ আছিল— আধাৰ কাৰ্ড, বাধাগ্ৰস্ত শিশুৰ প্ৰমাণপত্ৰ, স্বাস্থ্য পৰীক্ষা, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্ট আদি। যিসকল শিশু এই অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকক এই সুবিধাসমূহ প্ৰদান কৰিবলৈ আয়োগে যৎপৰোনাস্তি চেষ্টা কৰে। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত শিশুসকলক শিবিৰলৈ অনা হয়। আজিৰ শিবিৰত ৮১০গৰাকী শিশুৰ নাম পঞ্জীয়ন কৰা হয়। তাৰ ভিতৰৰ ৩৫০গৰাকী শিশুৰ ওজৰ-আপত্তি থিতাতে সমাধান কৰা হয়। বাকীসকলৰ ওজৰ-আপত্তিসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ’ব। উল্লেখ্য যে ৫১গৰাকী শিশুৰ আধাৰ কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰাৰ লগতে ২৬গৰাকী বাধাগ্ৰস্ত শিশুক প্ৰমাণপত্ৰ, ১১২গৰাকীক এছ বি আই আৰু য়ুকো বেংকৰ একাউণ্ট আগবঢ়োৱা হয়। ইয়াৰ লগতে ২৬গৰাকীৰ আয়ুষ্মান কাৰ্ডৰ ই-কে ৱাই চিও কৰা হয়। ১০গৰাকী শিশুক ইতিমধ্যে ইছ্যু হৈ থকা বাধাগ্ৰস্ততাৰ প্ৰমাণপত্ৰ দিয়াৰ উপৰি ৩গৰাকী শিশুক ইতিমধ্যে ইছ্যু হৈ থকা আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয়। লগতে ৩গৰাকী শিশুক হুইল শ্বেয়াৰো প্ৰদান কৰা হয়। আজিৰ শিবিৰত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধি শাশ্বতীপ্ৰিয়া, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যদ্বয় ফণীন্দ্ৰ বুজৰবৰুৱা আৰু ৰিলাঞ্জনা তালুকদাৰ মহন্ত, অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্তত্ৰয় হিতেশ বড়ো, অৰুণিমা কাকতি আৰু কবিতা ফাংচ’, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, বিটিআৰ ফেল’ আদি উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন